চাৰি মাহত ৫ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে

চাৰি মাহত ৫ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে

ডিজিটেল সংবাদ, কাজিৰঙা : বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ হোৱা পৰ্যটন বৰ্ষৰ চাৰি মাহত কাজিৰঙালৈ আগমন ২ লাখ ৬ হাজাৰ ৫৬৩ গৰাকী দেশী বিদেশী পৰ্যটক ৷ চলিত পৰ্যটন বৰ্ষৰ চাৰিটা মাহৰ ভিতৰত সৰ্বাধিক পৰ্যটক আহিল জানুৱাৰী মাহত ৷ জানুৱাৰী মাহত ৭৪,৭০১জন ভাৰতীয় আৰু ১৯১০ জন বিদেশী পৰ্যটক ধৰি সৰ্বমুঠ পৰ্যটক আহিল ৭৬৬১১ জন পৰ্যটক ৷ কেৱল জানুৱাৰী মাহতে কাজিৰঙাই ৰাজহ সংগ্ৰহ কৰিলে মুঠ ১ কোটি ৭৬ লাখ ৫৯ হাজাৰ ৩১৩ টকা ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই এই কথা সদৰি কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চাৰিমাহত পৰ্যটকৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৫ কোটি ১৭ লাখ ৬১ হাজাৰ ৯৪২ টকা ৷ তুলনামূলক ভাৱে ২০২২-২৩ পৰ্যটন বৰ্ষৰ চাৰিমাহতে সংগ্ৰহ হোৱা ৰাজহৰ বিপৰীতে ২০২১-২২ পৰ্যটন বৰ্ষত সমুদায় ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৭৫ লাখ টকা । আনহাতে ভোমোৰাগুৰিৰ নদী পৰ্যটনেও পৰ্যটকৰ সহাৰি লাভ কৰিছে বুলি উল্লেখ কৰি সঞ্চালক গৰাকীয়ে মন্তব্য কৰে যে বৰ্তমান পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে বাগৰি বনাঞ্চল ।

আনহাতে প্ৰতি বছৰৰ দৰে ৰাষ্ট্ৰীয় উদ্যানত হ’ব লগিয়া কন্ট্ৰল বাৰ্ণিঙৰ পাছত পৰ্যটকে সুন্দৰ ভাৱে উপভোগ কৰিব পাৰিব জীৱজন্তুৰ বিচৰণৰ দৃশ্য ৷ এনে ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত পৰ্যটকৰ আগমন কিছু হ্ৰাস পালেও মাৰ্চ এপ্ৰিল মাহত পুনৰ পৰ্যটকৰ ভিৰ হ’ব কাজিৰঙাত ৷ গতিকে এপ্ৰিল মাহ পৰ্যন্ত পৰ্যটকৰ সংখ্যা ৭ লাখ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in