কঠীয়াতলীত সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

কঠীয়াতলীত সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ,কঠীয়াতলী : দেওবাৰে নগাঁও জিলাৰ কঠীয়াতলী প্ৰেছ ক্লাৱৰ উদ্যোগত কঠীয়াতলীৰ মা মনসা হোটেলৰ প্ৰেক্ষাগৃহত অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। নগাঁও জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা সমিতিৰ সম্পাদক ছফিকুৰ ৰহমানে।

Advertisment

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ উপস্থিত থকা সভাখনত কঠীয়াতলী অঞ্চলৰ প্ৰয়াত সাংবাদিক হোমেশ্বৰ হীৰাৰ পত্নী লক্ষীমাই মেধি হীৰা , অঞ্চলটোৰ বাতৰি কাকত বিতৰক নুৰ মহমদ শ্বাহ আৰু আব্দুল ছহিদক কঠীয়াতলী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

সভাখনত উপস্থিত থাকে নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি অজয় মাহাতু, নগাঁও জিলা সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ফাইজুৰ ৰহমান,কঠীয়াতলী প্ৰেছ ক্লাৱৰ সভাপতি,সম্পাদক ক্ৰমে ঘন কান্ত বৰা আৰু অৰূপ বৰা,নগাঁও জিলা সমিতিৰ কোষাধ্যক্ষ শান্তনু কুমাৰ শৰ্মা, নগাঁও জিলা তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক মাডুৰ,সাংবাদিক কমলেশ্বৰ শইকীয়া, সাংবাদিক মুক্তি কাম লস্কৰৰ লগতে জিলাখনৰ অৰ্ধশতাধিক সাংবাদিক উপস্থিত থাকে।

Also Read: আপকুৰ নগাঁও জিলাৰ নতুন সমিতি গঠন

Kathiyatoli journalist