ননৈত "বহাগ নহয় মাথোঁ এটি ঋতু" শীৰ্ষক অনুষ্ঠান...

পহিলা বহাগৰ দিনাই "বাঁহী" সামাজিক-সাংস্কৃতিক মঞ্চ, ননৈয়ে "বহাগ নহয় মাথোঁ এটি ঋতু" শীৰ্ষক এক ব্যক্তিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে । নগাঁও জিলাৰ ননৈ অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকৰ উন্নত চিন্তাধাৰাৰে শিল্পী দিৱসৰ দিনাই জন্ম গ্ৰহণ কৰা "বাঁহী" মঞ্চই আয়োজন কৰা বিভিন্ন সময়ত বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰি আহিছে
জ্যেষ্ঠজনক সেৱা
জ্যেষ্ঠজনক সেৱা

প্ৰতিদিন সংবাদ, বঢ়মপুৰঃ পহিলা বহাগৰ দিনাই "বাঁহী" সামাজিক-সাংস্কৃতিক মঞ্চ, ননৈয়ে "বহাগ নহয় মাথোঁ এটি ঋতু" শীৰ্ষক এক ব্যক্তিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে । নগাঁও জিলাৰ ননৈ অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকৰ উন্নত চিন্তাধাৰাৰে শিল্পী দিৱসৰ দিনাই জন্ম গ্ৰহণ কৰা "বাঁহী" মঞ্চই আয়োজন কৰা বিভিন্ন সময়ত বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰি আহিছে ।

সেইদৰে পহিলা বহাগৰ দিনাখনো ৰঙালীৰ ৰং-ধেমালিৰ মাজেৰে বৃহত্তৰ ননৈ অঞ্চলৰ ৮০ ঊৰ্ধৰ ব্যক্তি সকলৰ ঘৰতে গৈ তেওঁলোকে একোখনি বিহুৱানেৰে সন্মান প্ৰদৰ্শন কৰি আৰ্শীবাদ লয় আৰু জলপানৰ ব্যৱস্থা কৰে ।

অঞ্চলৰ প্ৰায় প্ৰতিজন যুৱকেই জড়িত হৈ পৰা মঞ্চখনৰ কালি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন উপলক্ষে উলিওৱা বৃহৎ শোভাযাত্ৰাটোত বয়স্ক ব্যক্তি সকলক সন্মান প্ৰদৰ্শন কৰে ৷

লগতে সদস্যসকলে পৰিধান কৰা একেই ৰঙৰ সাজে ৰাইজৰ মাজত বিশেষ আকৰ্ষণ লাভ কৰে । মঞ্চৰ কালিৰ অনুষ্ঠানটিত নগাঁৱৰ "ডুগডুগী" নামৰ অসমীয়া গহণা অনুষ্ঠানৰ স্বত্তাধিকাৰী সামাজকৰ্মী আৰু মঞ্চখনৰ এগৰাকী স্থায়ী সদস্য উৎপল বনিয়াও অংশগ্ৰহণ কৰে ।

"বাঁহী" মঞ্চৰ বিনামূলীয়া ৰক্তদানৰ উপৰিও নিচাসক্ত দুৰ্নীতি বিৰোধী কাৰ্যসূচীসমূহেও প্ৰশংসনীয় পদক্ষেপ হিচাপে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে । অনাগত দিন বোৰত এনে ধাৰা অব্যাহত ৰাখিব পাৰিলে "বাঁহী" ৰাইজৰ হ'কে কাম কৰা এক বৃহৎ সামাজিক-সাংস্কৃতিক অনুষ্ঠান যে হৈ পৰিব বুলি অঞ্চলবাসীয়ে মত প্ৰকাশ কৰিছে ৷

জ্যেষ্ঠজনক সেৱা
হিন্দুত্ব বিৰোধী মন্তব্য কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে অভিনেতাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in