/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b2f91645-e20d-4537-91ac-2f15aa80c67f/kolong.jpg)
কলং পৰিদৰ্শন
ডিজিটেল সংবাদ, নগাঁওঃ কলং আকৌ বব ৷ কলঙক পুনৰ প্ৰবাহিত কৰিবলৈ ৰাজ্য চৰকাৰে হাতত লৈছে পদক্ষেপ ৷ শণিবাৰে নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙৰ কাষত কলং খন্দাৰ বাবে আনুষ্ঠানিকতা সম্পন্ন কৰা হয় ৷
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কলং খননৰ কামৰ শুভাৰম্ভ কৰে ৷ এই উপলক্ষে অনুষ্ঠিত সভাত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মৰমৰ কলঙক পুনৰ উদ্ধাৰ কৰাৰ পদক্ষেপ লোৱা হৈছে ৷ পুনৰ প্ৰবাহিত কৰিবলৈ লোৱা পদক্ষেপ গ্ৰহনৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত তিনি কিলোমিটাৰ খন্দা হ’ব ৷ জলসিঞ্চন বিভাগৰ কলনিৰ দলঙৰ পৰা ভূঞাপট্টি দলঙৰ ওচৰলৈকে প্ৰথম পৰ্যায়ত কলঙখনি খন্দা হব ৷ পৰৱৰ্তী সময়ত আন স্থানত খনন কৰা হ’ব ৷ মন্ত্ৰী হাজৰিকাই কয় যে নগাঁও চহৰক আটকধুনীয়া কৰি তোলাৰ অংশ হিচাপে কলঙ খননৰ পদক্ষেপ লোৱা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d22929a7-eb1d-424c-bba4-82d209cc7bd4/c61d806c_445e_4f0e_9e01_aa862aa4c9ff.jpg)
সভাত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে হাতীমূৰাত শ্লুইছ গেইটৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ আগন্তক বৰ্ষত শ্লুইছ গেইট খনি পৰীক্ষামূলক ভাবে মুকলি কৰা হ’ব ৷ এবছৰ দুবছৰ গেইট খুলি পৰ্যবেক্ষন কৰা হব ৷ কাৰণ এখন নদীৰ মুখ পৰীক্ষা নকৰাকৈ খুলি দিয়াটো উচিত নহ’ব ৷ মুখ খুলি দিয়াৰ পিছত প্ৰবাহ কেনে হয় সেই দিশটোত চকু দিব লাগিব ৷
নগাঁৱৰ লোকৰ দাবীক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পিছ হুহকি নাযাই বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় নগাঁৱৰ উন্নয়নৰ বাবে সদায় কাম কৰি যাম ৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা সভাত বিধায়ক দিগন্ত কলিতা, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে বিভিন্ন বিভাগৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷
Also Read: চাৰি দিনীয়াকৈ মহানগৰীত আয়োজন কয়ৰ এক্সপো...