চাৰি দিনীয়াকৈ মহানগৰীত আয়োজন কয়ৰ এক্সপো...

অসমত প্ৰসাৰ আৰু বিকাশৰ লক্ষ্যৰে গুৱাহাটীত আয়োজন হৈ আছে কয়ৰ এক্সখন । বৃহস্পতিবাৰৰ পৰা আয়োজন হৈ থকা এই এক্সপ’খনৰ সামৰণি পৰিব দেওবাৰে
EXPO
EXPO

ডিজিটেল ডেস্কঃ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত কয়ৰ বোৰ্ডে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি-চিত্ৰবনত এখন চাৰি দিনীয়া এক্সপো আয়োজন কৰিছে । ২৩ মাৰ্চত আৰম্ভ হোৱা এক্সখনৰ সমাপ্তি পৰিব ২৬ মাৰ্চত। কয়ৰ বৰ্ডৰ অধ্যক্ষ ডি কুপ্পুৰামু , আইএএছ লক্ষ্মণ এছ আৰু কয়ৰ বৰ্ডৰ সচিব জীতেন্দ্ৰ কুনাৰ শুক্লাৰ উৰস্থিতিত অনুষ্ঠানটিৰ উদ্ধোধন কৰা হয় ।

উল্লেখ্য যে, দেশক কয়ক উদ্যোগৰ সামগ্ৰিক বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে কয়ৰ উদ্যোগ আইন ১৯৫৩ ক অধীনত এই বৰ্ড স্থাপন কৰা হৈছিল । এই আইনৰ অধিনত নিৰ্ধাৰিত বৰ্ডৰ কাৰ্যালৱলীৰ ভিতৰত বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক গৱেষণা, আধুনিকীকৰণ, মানদণ্ড উন্নীতকৰণ, মানৱ সম্পদ বিকাশ, বাণিজ্যিক প্ৰচাৰ আৰু এই উদ্যোগত নিয়োজিত প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণৰ প্ৰতিশ্ৰতি, সহায় আৰু উৎসাহ অন্তভুক্ত হৈ আছে ।

এই আইন অনুসৰি নিৰ্দেশিত কাৰ্যসমূহ কয়ৰ বোৰ্ডে বিভিন্ন আঁচনি বা কাৰ্যসূচীৰ অধীনত সম্পন্ন কৰে । যাৰ ভিতৰত গৱেষণা আৰু উন্নয়ণমূলক, প্ৰশিক্ষণ কাৰ্যসূচী, কয়ৰ গোট স্থাপনৰ বাবে বিত্তীয় সমৰ্থন, ঘৰুৱা তথা ৰপ্তানি বজাৰৰ বিকাশ, শ্ৰমিকসকলৰ বাবে কল্যাণমূলক ব্যৱস্থা ইত্যাদিৰ অন্তভুক্ত ।

অসমত প্ৰসাৰ আৰু বিকাশৰ লক্ষ্যৰে গুৱাহাটীত আয়োজন হৈ আছে কয়ৰ এক্সখন । বৃহস্পতিবাৰৰ পৰা আয়োজন হৈ থকা এই এক্সপ’খনৰ সামৰণি পৰিব দেওবাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in