অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যু

গাওঁখনৰ বৰ্ষীয়ান লোক হিচাপে চিহ্নিত হোৱা হাজৰিকাৰ জন্ম হৈছিল ১৯২৯ চনত । জীৱন কালত হাজৰিকাই অসম আৰক্ষীৰ জোৱান হিচাপে কৰ্তব্য পালন কৰি ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যু

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী পূৱ জামুগুৰিৰ হাতীচোঙৰ নিবাসী তথা অৱসৰ প্ৰাপ্ত আৰক্ষী জোৱান, বিশিষ্ট সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ যোৱা নিশা ৯৫ বছৰত নিজা গৃহত দেহাৱসান ঘটে ।

Advertisment

গাওঁখনৰ বৰ্ষীয়ান লোক হিচাপে চিহ্নিত হোৱা হাজৰিকাৰ জন্ম হৈছিল ১৯২৯ চনত । জীৱন কালত হাজৰিকাই অসম আৰক্ষীৰ জোৱান হিচাপে কৰ্তব্য পালন কৰি ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত প্ৰয়াত ভৈৰৱ হাজৰিকাই সমাজসেৱা আৰু কৃষি কাৰ্যত আত্ননিয়োগ কৰি নিজকে পুনৰ সামাজিকভাৱে পৃথককৈ আত্ম-প্ৰতিষ্ঠা কৰে ।

বিগত বৰ্ষৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা ভৈৰৱ হাজৰিকাৰ মৃত্যুত সমগ্ৰ জামুগুৰি অঞ্চলতে শোকৰ ছাঁ পৰিছে । উল্লেখযোগ্য যে মৃত্যুৰ সময়ত হাজৰিকাই পুত্ৰ, বোৱাৰী, তিনিগৰাকী জীয়ৰী , নাতি-নাতিনী সহিতে ইষ্ট-কুটুম্বক এৰি থৈ যায় ।

Also Read: ভাল খবৰ! এতিয়াৰ পৰা ট্ৰেইন যাত্ৰাৰ সময়তে কৰিব পাৰিব চুইগীত অৰ্ডাৰ

bebejiya Ex policeman