বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুনৰ চলিল বুলড'জাৰ

বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুনৰ চলিল বুলড'জাৰ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুনৰ চলিল বুলড'জাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাৰ চৰকাৰী ভূমিত বুধবাৰে পুনৰ বুলড'জাৰ চলালে নগাঁও জিলা প্ৰশাসনে। উচ্ছেদিত ভূমিত বেদখলকাৰীয়ে পুখুৰী সমূহত পুনৰ অবৈধ ভাৱে মীন পালন আৰম্ভ কৰিছিল। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি লালুংগাঁৱৰ উচ্ছেদিত ভূমিত বিগত কিছুদিন ধৰি বেদখলকাৰীয়ে পুনৰ দখললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছিল।

Advertisment

উল্লেখ্য যে, ২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে বটদ্ৰৱাত এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল। উক্ত উচ্ছেদ অভিযানত বটদ্ৰৱাৰ হাইডুবি, লালুংগাঁও, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, কদমনিকে আদি কৰি ৪টা স্থানৰ মুঠ ৯৮৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল। পৰৱৰ্তী কালত বেদখলকাৰীয়ে অস্থায়ীভাৱে বিভিন্ন ঠাইত বসবাস কৰাৰ পাছত প্ৰশাসনৰ নিৰৱতাৰ সুযোগ লৈ মাজে মাজে বেদখলকৃত ভূমিত পুনৰ বসবাস কৰিবলৈ চেষ্টা কৰাৰ পাছত কেইবাবাৰো লোক সকলক প্ৰশাসনে আতৰাই পঠিয়াই।

বিগত কিছুদিন ধৰি ভোমোৰাগুৰি লালুংগাঁও, জামাই বস্তিত পূৰ্বে বেদখলকাৰীয়ে খান্দি ৰখা পুখুৰীত পুনৰ মীন পালন আৰম্ভ কৰিছিল। পাছত স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বুধবাৰে ধিং ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী উপস্থিত হৈ আৰক্ষী প্ৰশাসনৰ সহযোগত পুনৰ উচ্ছেদ অভিযান চলাই। উচ্ছেদ স্থানতে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে পুনৰ বেদখল কৰিলে গ্ৰেপ্তাৰ কৰা হ'ব বুলি বেদখলকাৰীক সকিয়নি প্ৰদান কৰে।

Also Read: 'তাঁতীকুছি'ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত 'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক বিশেষ সম্বৰ্ধনা

batadrava