'তাঁতীকুছি'ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত 'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক বিশেষ সম্বৰ্ধনা

'তাঁতীকুছি'ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত 'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক বিশেষ সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
'তাঁতীকুছি'ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত  'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক বিশেষ সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ বুধবাৰে মহানগৰীৰ দিশপুৰত আয়োজন কৰা হয় এক বিশেষ সম্বৰ্ধনা আৰু বটাঁ প্ৰদান অনুষ্ঠান। বৰপেটাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'তাঁতীকুছি'ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা হয় এই বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান। সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৫ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এই অনুষ্ঠানৰ।

Advertisment

এই অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় 'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ অধ্যক্ষ তথা 'অসমীয়া প্ৰতিদিন' কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক। লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই অনুষ্ঠানৰ। এই অনুষ্ঠানত ড০ অমৰজ্যোতি চৌধুৰীক প্ৰদান কৰা হয় দ্বিতীয় সংখ্যক 'শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাস স্মৃতি বঁটা', ডা: তন্ময় দাসক প্ৰদান কৰা হয় চতুৰ্থ সংখ্যক 'সমাজ দৰদী মধুৰাপুৰী বঁটা' আৰু বিশিষ্ট ব্যক্তি ড০ ভূপেন ৰায় চৌধুৰীক প্ৰদান কৰা হয় সপ্তম 'তাঁতীকুছী বঁটা'।

এই অনুষ্ঠানত উপস্থিত হৈ 'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ অধ্যক্ষ তথা 'অসমীয়া প্ৰতিদিন' কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই কয় যে, এই অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰি আৰু এই অনুষ্ঠানত উপস্থিত থাকি তেওঁ গৌৰৱ অনুভৱ কৰিছে। তাঁতীকুছি অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা বঁটা সন্দৰ্ভত তেওঁ কয় যে, অসমৰ সমাজ জীৱনলৈ এইদৰে বৰঙনি আগবঢ়াই গৈ থাকিলে ভৱিষ্যতে তাঁতীকুছি সমগ্ৰ দেশতে এক অগ্ৰণী অনুষ্ঠান ৰূপে চিহ্নিত হ'ব।

ইয়াৰ লগতে তেওঁ জনাই যে, অহা ডিচেম্বৰ মাহলৈ আৰু নতুন ৪৫০০ৰ পৰা ৫০০০ নতুন শব্দৰে হেম-কোষৰ নতুন সংস্কৰণ মুকলি কৰা হ'ব। তদুপৰু হেম-কোষৰ ব্ৰেইল সংস্কৰণ সন্দৰ্ভত তেওঁ কয় যে, দৃষ্টিহীন সকলক শব্দৰ আলোকেৰে উজলাই তোলাৰ চেষ্টাৰে এই পদক্ষেপ হাতত লোৱা হৈছিল। গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে তেওঁলোকে পাছতহে অৱগত হৈছিল।

জয়ন্ত বৰুৱা