/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2e5f8ecd-3126-417d-bfaa-b2b9bc2f6237/5.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ শেনছোৱা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতন, শেনছোৱাৰ ২৬ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। পুৱা ৯বজাত বিদ্যালয়ৰ প্ৰধান আচাৰ্য পংকজ কুমাৰ নাথৰ দ্বাৰা দেৱী সৰস্বতীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি ঘটা অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যা সকলৰ দ্বাৰা সৰস্বতী বন্দনা কৰা হয় ।
ইয়াৰ পিছতেই নিকেতনৰ পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুনীল চন্দ্ৰ নাথে । স্মৃতি তৰ্পন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ মহন্তই । বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে পৰিচালনা সমিতিৰ প্ৰাক্তন বিষয়ববীয়া জগন্নাথ মহন্ত আৰু পুষ্পেন্দ্ৰ হাজৰিকাই ।
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজু বৰাই আঁত ধৰা অনুষ্ঠানটিত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা, ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
উল্লেখযোগ্য যে প্ৰায় ২৫০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ সমূহো সভাৰ মাজতে বিতৰণ কৰা হয় । কুইজ প্ৰতিযোগিতাৰ সৰ্বোচ্চ উত্তৰ প্ৰদান কৰে নৱম শ্ৰেণীৰ ছাত্ৰ লক্ষ্য জ্যোতি দাসে । সেইদৰে চিত্ৰাংকন প্ৰতিযোগিতাত ১০ গৰাকী প্ৰতিযোগিক শ্ৰেষ্ঠ বিবেচনা কৰি পুৰস্কাৰ বিতৰণ কৰা হয় । চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰিচালনা কৰে ষষ্ঠী বৰকাকতীয়ে । কুইজ প্ৰতিযোগিতাৰ পৰিচালনা কৰে অভিজিৎ নাথ আৰু প্ৰণৱ জ্যোতি নাথে ।
ভালেসংখ্যক অভিভাৱক-অভিভাৱিকাৰ লগতে প্ৰতিষ্ঠা দিৱসৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সকলো আচাৰ্য-আচাৰ্যাৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়া সুন্টি দাস, কেশৱ নাথ, তিলক বৰা, ৰাজীৱ বৰা, অজিত শইকীয়া, তৰুণ বৰাকে প্ৰমূখ্য কৰি বহুকেইজন লোক উপস্থিত থাকে । সভাৰ শেষত বিদ্যালয়ৰ তৰফৰ পৰা অনুষ্ঠানটি সুকলমে অনুস্থিত হোৱাত সহায় কৰা সকলোৰে প্ৰতি বিদ্যালয়ৰ প্ৰধান আচাৰ্য পংকজ কুমাৰ নাথে কৃতজ্ঞতা প্ৰকাশ কৰে ।
Also Read: প্ৰশাসনীয় অচলাৱস্থাৰ গ্ৰাসত ঢকুৱাখনা