প্ৰশাসনীয় অচলাৱস্থাৰ গ্ৰাসত ঢকুৱাখনা

প্ৰশাসনীয় অচলাৱস্থাৰ গ্ৰাসত ঢকুৱাখনা

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই প্ৰাপ্য অধিকাৰ বিচাৰি বিগত সময়চোৱাত চৰকাৰ পক্ষৰ লগত অবিৰাম হাৰত আলোচনা চলাই আহিছে । ৰাজ্য চৰকাৰৰ কৰ্তব্যপৰায়ন জিলা প্ৰশাসনীয় কৰ্মচাৰী সকলৰ নাৰ্য প্ৰাপ্য অধিকাৰসমূহ আদায়ৰ ক্ষেত্ৰত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই চৰকাৰৰ লগত নিৰন্তৰ হাৰত চলাই অহা আলোচনাৰ ভাষা বুজিবলৈ চেষ্টা কৰা নাই শাসক যন্ত্ৰই ।

শাসকগোষ্ঠীৰ এনে গুৰুত্বহীনতা-দায়িত্বহীনতাত অতিষ্ঠ সন্থাই অৱশেষত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল । সেই অনুক্ৰমে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুদিনীয়া সৰ্বাত্মক অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে । এই দুদিনীয়া সৰ্বাত্মক অসহযোগ কাৰ্যসূচীৰ বৃহস্পতিবাৰৰ প্ৰথম দিনা সৰ্বাত্মক প্ৰভাৱ পৰে ঢকুৱাখনা উপ জিলাত। জিলা প্ৰশাসনৰ এগৰাকী কৰ্মচাৰীও কৰ্মথলীত উপস্থিত নহৈ সবল প্ৰতিবাদ সাব্যস্ত কৰে ঢকুৱাখনাত ।

ঢকুৱাখনা উপ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি ধীৰেন ফুকন আৰু সম্পাদক ৰাজেন কুমাৰ গগৈৰ নেতৃত্বত ঢকুৱাখনা উপ জিলাৰ মুখ্য কাৰ্যালয়ৰ লগতে সোৱণশিৰি আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সকলো প্ৰশাসনীয় কৰ্মচাৰীযে কৰ্তব্যত অনুপস্থিত থাকি স্বাভাৱিক কাম কাজ একেবাৰে  স্থবিৰ কৰি তোলে । ঢকুৱাখনা উপ জিলাৰ সকলো প্ৰশাসনীয় কৰ্মচাৰীৰ এনে ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদৰ ফলত সমগ্ৰ প্ৰশাসনীয় কামত বাধা আহি পৰাত সমান্তৰালভাৱে এক প্ৰকাৰৰ অচলাৱস্থাই গ্ৰাস কৰে ।

উল্লেখ্য যে অহা শনিবাৰে মাহটোৰ দ্বিতীয় শনিবাৰে হোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰেহে উপ জিলাৰ কাৰ্য্যালয়ৰ লগতে দুয়োটা ৰাজহ চক্ৰৰ স্বাভাৱিক  কাম কাজ আৰম্ভ হ'ব । অৰ্থাৎ জিলা প্ৰশাসনীয় কাম কাজ অহা সোমবাৰেহে পুনৰ আৰম্ভ হ'ব ৰাজ্যখনত।

প্ৰশাসনীয় অচলাৱস্থাৰ গ্ৰাসত ঢকুৱাখনা
নৱম মিচিং যুৱ মহোৎসৱত উজ্বলিল ঢকুৱাখনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in