'সহোদৰ'ৰ উদ্যোগত ৰচনা প্ৰতিযোগিতাৰ আয়োজন

'সহোদৰ'ৰ উদ্যোগত ৰচনা প্ৰতিযোগিতাৰ আয়োজন। নগাঁও, হোজাই, মৰিগাঁও, শোণিতপুৰ, গোলাঘাট আৰু কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন।

author-image
Asomiya Pratidin
New Update
'সহোদৰ'ৰ উদ্যোগত ৰচনা প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আগন্তুক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংগঠন 'সহোদৰ'ৰ উদ্যোগত নগাঁও, হোজাই, মৰিগাঁও, শোণিতপুৰ, গোলাঘাট আৰু কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Advertisment

নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে "বিজ্ঞানমনস্কতা আৰু গুৰুজনাৰ ভক্তি আন্দোলন"। ১৫০০ শব্দৰ ভিতৰত লিখিবলগীয়া ৰচনা সমূহ ১৫ ছেপ্তেম্বৰ ভিতৰত প্ৰভাত চন্দ্ৰ দাস, ৰাইডঙীয়া, ডাক - আইভেটি, নগাঁও, অসম, পিন ৭৮২০০২ ম'বাইল নম্বৰ: +918399886896, +919954781424ৰ জমা দিবৰ বাবে আহ্বান জনাইছে।

এই ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫০০১/- , কিতাপৰ টোপোলা, কলম, ট্ৰফি আৰু মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ ৩০০১/- ,কিতাপৰ টোপোলা, কলম, ট্ৰফি আৰু মানপত্ৰ, তৃতীয় পুৰস্কাৰ ২০০১/- ,কিতাপৰ টোপোলা, কলম, ট্ৰফি আৰু মানপত্ৰ ধাৰ্য কৰা হৈছে।

Also Read: জামুগুৰি ব'হাগী মেলাৰ উদ্যোগত অনুষ্ঠিত হোৱা 'কৰ্ণ পৰ্ব' নাট ভাওনাৰ সফল সমাপ্তি

Batadrawa