জামুগুৰি ব'হাগী মেলাৰ উদ্যোগত অনুষ্ঠিত হোৱা 'কৰ্ণ পৰ্ব' নাট ভাওনাৰ সফল সমাপ্তি

জামুগুৰি ব'হাগী মেলাৰ উদ্যোগত অনুষ্ঠিত হোৱা 'কৰ্ণ পৰ্ব' নাট ভাওনাৰ সফল সমাপ্তি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ শলগুৰিৰ তামুলীচুক নামঘৰত দেওবাৰে অনুষ্ঠিত হৈ যায় 'কৰ্ণ পৰ্ব' নাট ভাওনা৷ বৰ্ষযোৰা কাৰ্য্যসুচীৰে আয়োজিত জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তীৰ প্ৰথম কাৰ্য্যসূচী হিচাবে হাতত লোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুপম সৃষ্টি এই ভাওনাৰ শুভ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক তথা জামুগুৰি বহাগী মেলাৰ সোঁনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকায়৷

সহযোগ কৰে বাৰেচহৰীয়া ভাওনা কমিটিৰ সম্পাদক সাংস্কৃতিক কৰ্মী জয়ন্ত বৰা, প্ৰদীপ হাজৰিকাৰ লগতে জামুগুৰি বহাগী মেলাৰ উপদেষ্টা কৃতি শিক্ষক নিতুমনি বৰাই৷ উক্ত ভাওনা ভাগত জামুগুৰিহাটৰ বিভিন্ন গাঁৱৰ যুৱক যুৱতী সকলে বিভিন্ন ভাও প্ৰদৰ্শন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰে৷

বিভিন্ন প্ৰান্তৰ ভাওনাপ্ৰেমী ৰাইজে কৰ্ণপৰ্ব নাটভাওনা উপভোগ কৰাৰ বাবে নামঘৰ প্ৰাংগনত ভিৰ কৰা পৰিলক্ষিত হয়৷সহশ্ৰাধিক ৰাইজৰ উপস্থিতিয়ে জামুগুৰিহাটৰ তামুলীচুক নামঘৰ প্ৰাংগন বৈকুন্ঠ পুৰীলৈ ৰূপান্তৰিত কৰে৷

জামুগুৰি ব'হাগী মেলাৰ উদ্যোগত অনুষ্ঠিত হোৱা 'কৰ্ণ পৰ্ব' নাট ভাওনাৰ সফল সমাপ্তি
আজিৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন: মুঠ ২৩ খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in