/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/018c676e-0e37-49b9-b31d-4b5a5e972373/BATRADAVA_5.jpg)
বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰীক ছাঁ দিবলৈ গছপুলি ৰোপণ ৰাইডঙীয়াৰ যুৱকৰ
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়া অঞ্চলৰ যুবক শংকৰজ্যেতি শৰ্মা,জযন্ত ভূঞা, দিগন্ত শইকীয়া,বিতোপন হাজৰিকা,বাবুলি বৰদলৈ, দীপক হেমৰোস নামৰ কেইগৰাকীমান যুৱকে নীৰবে কৰি গৈছে প্ৰকৃতি সুৰক্ষাৰ পদক্ষেপ। নগাঁও চহৰৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ নৱনিৰ্মিত পথৰ দুয়োকাষে এইসকল যুৱকে আৰম্ভ কৰিছে গছপুলি ৰোপণৰ কাম।
সম্পূৰ্ণ নিজাববীয়াকৈ যুৱককেইজনে এই কাম কৰি আহিছে। কোনো ব্যক্তিৰ ঘৰত যদি তেখেতে গছ পুলি দেখা পাই তেন্তে সেই ব্যক্তিজনৰ কাষ চাপি গছপুলিটো বিচাৰে। অৱশ্যে তেনেকৈ তেখেতে বিচৰাত কোনেও আজিৰ লৈকে নিদিয়াকৈ থকা নাই। কিন্তু গছপুলিটো কেৱল ৰোপন কৰিলেই নহব।
ইয়াক প্ৰতিপালন কৰিব লাগিব। আনহাতে পুলিটোৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত তেওঁলোকে নিজা বাৰীৰ বাঁঁহ কাটি ঘেৰা নিৰ্মাণো কৰিছে। কোনোদিনেই সংবাদ মাধ্যমে তেওঁলোকৰ এই মহৎ কাৰ্যৰ সম্পৰ্কত বাতৰি পৰিৱেশন কৰা নাই যদিও শেহতীয়াকৈ এই কাৰ্যৰ সম্পৰ্কত আকস্মিকভাৱে প্ৰতিবেদকৰ দৃষ্টিগোচৰ হয়।
প্ৰচাৰবিমুখ এইকেজনপ্ৰকৃতিপ্ৰেমীক সাক্ষাৎ কৰি তেওঁলোক এই কাৰ্যৰ প্ৰতি কিয় আকৰ্ষিত হৈছে বুলি জানিব বিচৰাত তেওলোকৰ হৈ শংকৰজ্যোতি শৰ্মাই কলে যে, প্ৰকৃতি অবিহনে এই বসুন্ধৰা কেতিয়াও সৌন্দৰ্যবৰ্ধন হব নোৱাৰে। যিসকলে গছক ভাল পাব নোৱাৰে সেইসকলে প্ৰকৃতিৰ লগত কেতিয়াও একাত্ম হব নোৱাৰে।
তেওঁলোকে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ অহা যোৱা কৰা তীৰ্থযাত্ৰী ভকত বৈষ্ণৱে যাতে এই তেওঁলোকে ৰোপণ কৰা কৃষ্ণচূড়া, ৰাধাচূড়াৰ তলেৰে নৈসৰ্গিক অনুভৱ কৰিব পাৰে বুলি প্ৰকাশ কৰে। আনহাতে এই পাঁচগৰাকী প্ৰকৃতিপ্ৰেমীয়ে অনাগত দিনত এই ঐতিহ্যমণ্ডিত পথটোৰ কাষত আৰু হাজাৰ গছপুলি ৰোপন কৰাৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰে। ইয়োৰপৰি যদি চৰকাৰীভাৱে স্থানীয় বিধায়ক অথবা মন্ত্ৰী, খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়তৰ জৰিয়তে গছপুলি যোগান ধৰে তেওঁ অত্যন্ত সুখী হ'ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে।
যি সময়ত এফালে যদি ব্যাপক হাৰত বন ধ্বংস সৃষ্টি হৈছে আনহাতে আকৌ এইসকল প্ৰকৃতিপ্ৰেমীয়ে প্ৰকৃতি সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰে চৰকাৰী সাহাৰ্য অবিহনে এনেদৰে গছপুলি ৰোপন কৰি যি সামাজিক দায়বদ্ধতা পৰিচয় দিছে । সেয়া যেন সকলোৰে বাবে আদৰ্শৰ প্ৰতীক হোৱাৰ লগতে পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাত যেন অতন্দ্ৰপ্ৰহৰী হিচাপে সকলোৰে আগত থিয় দিছে।
Also Read: বিশ্ব সংবাদ মাধ্যমৰ প্ৰতিবেদনত মোডীৰ বিফলতাৰহে ছবি...