অপেক্ষাৰ অন্ত : কলঙৰ পাৰত প্ৰাণৱন্ত হৈ উঠিব শিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ

দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ
অপেক্ষাৰ অন্ত : কলঙৰ পাৰত প্ৰাণৱন্ত হৈ উঠিব শিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ

ডিজিটেল সংবাদ,নগাঁও : অৱশেষত ২৩ বছৰৰ পাছত যেন অন্ত পৰিব শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ যুঁজখনৰ। মুকলি হ'ব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ। দেশৰে এজন শক্তিশালী চিত্ৰশিল্পী প্ৰণৱ বৰুৱা আকৌ প্ৰাণৱন্ত হৈ পৰিব কলংসূঁতিৰ পাৰত ৷

প্ৰণৱ বৰুৱাৰ অতিকে আপোন কলং সূঁতিৰ পাৰত আকৌ শিল্পীজনাৰ শিল্পী কৰ্মই পোখা মেলিব ৷ ২৫ ফেব্ৰুৱাৰী দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ ৷

নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত তথা কলঙৰ পাৰত নিৰ্মিত অত্যধুনিক কলাক্ষেত্ৰখনি মুকলিৰ লগে লগে নিশ্চিতভাৱে চিত্ৰকলাই নগাঁৱৰ পৰা এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰিছে ৷ ২০০২ চনতে নিৰ্মাণৰ কাম শুভাৰম্ভ হোৱা কলাক্ষেত্ৰখনিৰ নিৰ্মাণৰ বিলম্ব হোৱাই নহয় ২৩ বছৰ লগাটো ৰহস্যজনক ৷

প্ৰকৃতিৰ প্ৰতি অকুণ্ঠপ্ৰেম আৰু মানৱক প্ৰাণ ভৰি ভালপোৱা প্ৰণৱ বৰুৱাৰ ২০০২ চনৰ ১৪ ফেব্ৰুৱাৰীত হঠাৎ পৰলোকপ্ৰাপ্তি ঘটিছিল। ইয়াৰ পাছত বৰুৱাৰ পত্নী আৰতী বৰুৱাৰ নেতৃত্বত সেই বৰ্ষতে গিৰীশ দাস আৰু দিলোৱাৰ হুছেইনকে ধৰি অন্যান্যসকলৰ প্ৰচেষ্টাত প্ৰস্তাৱ লোৱা হৈছিল প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ নিৰ্মানৰ ৷

উল্লেখ্য যে,প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱাই আগবঢ়াইছিল ১০ হাজাৰ টকাৰ অনুদান ৷ চৰকাৰীভাৱে আৱণ্টন দিয়া হৈছিল ভূমি ; কিন্তু কলাক্ষেত্ৰ নিৰ্মাণৰ কামে অগ্ৰগতি লাভ নকৰিলে ৷

কলাক্ষেত্ৰ নিৰ্মানৰ বাবে দেখা দিলে আৰ্থিক সংকট ৷ তেতিয়াৰ মন্ত্ৰী বিধায়কে দিম দিম বুলি কোৱা চৰকাৰী অনুদান কলাক্ষেত্ৰ নিৰ্মান সমিতিয়ে লাভ নকৰাত পৰৱৰ্তী সময়ত আবন্টিত ভূমি নগাঁও পৌৰসভাই দখল কৰি লৈছিল; যদিও পূৰ্বৰ নগাঁৱৰ উপায়ুক্ত যাদব শইকীয়াই বিশেষ তৎপৰতাৰে সেই ভূমি কলাক্ষেত্ৰ নিৰ্মানৰ বাবে ব্যৱস্থা কৰি দিছিল ৷

সেই ভূমিত পৰিয়ালৰ লোকে কলাক্ষেত্ৰ নিৰ্মানৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰে। যাৰ বাবে ভূমিপৰ্যন্ত বিক্ৰী কৰিছিল ৷ সেই ধনেৰে কলাক্ষেত্ৰৰ গৃহ নিৰ্মানৰ কাম আগবঢ়াইছিল ৷ পৰবৰ্তী সময়ত নগাঁও সদৰ সমষ্টিৰ বিধয়ক ৰূপক শৰ্মাই ১০ লাখৰ অনুদান আগবঢ়াইছিল ৷

শেহতীয়াকৈ শিল্পীগৰাকীৰ কন্যা সুলক্ষণা বৰুৱা ভূঞা,বোৱাৰী বৰ্ণালী হাজৰিকা , কল্লোলৰ নৌচাদ আখতাৰ হাজৰিকা আদিৰ বিশেষ তৎপৰতাৰ বাবে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰই পূৰ্ণতা লাভ কৰে ৷ ২৫ ফেব্ৰুৱাৰীৰ দিনৰ ১১-৩০ বজাত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰখনি শুভউদ্বোধন কৰিব ৷

কলাক্ষেত্ৰত শিল্পীজনাৰ আৰ্টসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে লগতে বিভিন্ন ভাস্কৰ্য আদিও সংৰক্ষণৰ দিহা কৰা হৈছে ৷ বৰুৱাই জীৱিত কালত ব্যৱহাৰ কৰা আচবাব সমূহো সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিছে ৷

উল্লেখযোগ্য যে ১৯০৪ চনৰ ২২ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা প্ৰণৱ বৰুৱাই ১৯৬০ চনত বম্বেৰ জে জে স্কুল অৱ আৰ্টৰ পৰা সুক্ষ্ম কলাৰ ডিপ্লমা গ্ৰহণ কৰি গুৱাহাটীলৈ আহি এটি ষ্টুডিঅ’ স্থাপন কৰিছিল ৷ পেচাগতভাৱে “সৃজনী“ নামৰ ষ্টুডিঅ’ স্থাপন কৰি পিছত নগাঁৱলৈ আহি নতুন পুৰুষক আৰ্টৰ প্ৰতি আগ্ৰহী কৰিবলৈ মন-প্ৰাণ সপি দিছিল ৷

প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত শিল্পীজনৰ এটি প্ৰতিমূৰ্ত্তি স্থাপন হ'ব ৷ শিল্পী বিৰেন সিংহই নিৰ্মান কৰা প্ৰতিমূৰ্তিটি ২৫ ফেব্ৰুৱাৰীতে মুকলি হ'ব ৷ সেই দিনাই চিত্ৰ শিল্পী চম্পক বৰবৰাক প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত যশস্বী চিত্ৰ শিল্পী যতীন দাস আৰু জীতেন হাজৰিকা উপস্থিত থাকিব ৷

অপেক্ষাৰ অন্ত : কলঙৰ পাৰত প্ৰাণৱন্ত হৈ উঠিব শিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ
সতীশ চৌধাৰী লৈ এড়ী স্পিনিং মেচিনৰ বাবে ২০২৪ বৰ্ষৰ দীনানাথ পাণ্ডে স্মাৰ্ট ইনোভেচন বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in