/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/075162f0-a663-4fa7-a0c0-46dcfc3bbb94/370.jpg)
ডিজিটেল সংবাদ,নগাঁও : জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত বহুকেইটা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে সমষ্টিটোত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে বঢ়মপুৰত থকা ছহিদ ভৱনত উপস্থিত হৈ বিধায়ক পুঁজিৰে পুনৰ নিৰ্মিত ভৱনটি আনুষ্ঠানিকভাৱে মুকলি কৰে ।
ইয়াতে মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ৪জন স্বাধীনতা সেনানী ক্ৰমে ছহিদ ভোগেশ্বৰী ফুকননী, ছহিদ লক্ষী হাজৰিকা, ছহিদ বলো সূত আৰু ছহিদ ঠগী সূতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনায় । ছহিদ ভৱনতে মন্ত্ৰীগৰাকীয়ে এখন সভা সম্বোধন কৰি দেশৰ স্বাধীনতা সেনানীসকলক স্মৰণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/bea32a3c-2b3a-4c5c-a177-0ce269fdea88/90411f2d_e979_4cde_ac40_c49301b15781.jpg)
আনহাতে আজি ৰাজ্যজুৰি পালন হোৱা ছহিদ দিৱস উপলক্ষে অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজ অসম আন্দোলনৰ ৮৫৫ গৰাকী ছহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী হাজৰীকাই । পাছত মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰ সমষ্টিৰে কঠিয়াতলী উন্নয়ন খণ্ডত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰায় চাৰে ন বছৰীয়া কাৰ্যকালত ভাৰত চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে কাম কৰি থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সকলোকে বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশ ল'বৰ বাবে আহ্বান জনায় । ইয়াতে মন্ত্ৰীগৰাকীয়ে কঠিয়াতলী উন্নয়ন খণ্ডৰ অধীনত নৱনিৰ্মিত সদ্ভাৱনা ভৱনটি উদ্বোধন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3b85975e-1609-4c4d-9cb1-f06e155f8d92/64d14fa5_1389_4f0e_a31c_988fd96cb60d.jpg)
আবেলিলৈ মন্ত্ৰী পীযুষ হাজৰীকাই বিধায়কদ্বয় জিতু গোস্বামী আৰু ৰূপক শৰ্মাৰ সৈতে কঠিয়াতলীতে আয়োজিত এখন জনসভাত ৰাজ্য চৰকাৰৰ তিনিটা বিভাগৰ ৬ খন আঁচনিৰ অধীনত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ M & R শিতানত অনুমোদিত নিশাৰী নদীৰ বাওঁপাৰৰ তেতেলীসৰা গাঁৱৰ ১ কোটি টকা ব্যয়সাপেক্ষ সম্পূৰ্ণ হোৱা খহনীয়া প্ৰতিৰোধী আঁচনি, লোকনিৰ্মাণ বিভাগৰ অধীনত নিশাৰী নদীৰ ওপৰত নিৰ্মিত দলং আৰু কৃষি বিভাগৰ Apart 2020-21 আঁচনিৰ অধীনত নিৰ্মিত পুৰণিগুদাম কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় ভৱনৰ উদ্বোধন কৰে ।
আনহাতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ NABARD শিতানত অনুমোদিত হাৰিয়া নদীৰ বাঁওপাৰৰ পশ্চিম তেতেলীসৰা গাঁৱৰ খহনীয়া প্ৰতিৰোধী আঁচনি আৰু লোকনিৰ্মাণ বিভাগৰ দুটা প্ৰকল্পত আমলখি, কঠিয়াতলী, কামপুৰ, চাপৰমুখ আৰু ৰহা সংযোগী পথ মেৰামতিৰ কামৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰে । জনসভাখনত উপস্থিত ৰাইজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি সাধাৰণ জনতাৰ কল্যাণ আৰু ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a66ca4da-0e5d-4657-a442-0311dd272e0e/058eda94_0f27_43c3_9773_bb37207e1266.jpg)
বৰ্তমান পৰ্যন্ত প্ৰায় ৮৮ হাজাৰ যুৱক-যুৱতীক সম্পূৰ্ণ মেধাৰ ভিত্তিত চৰকাৰী চাকৰি প্ৰদান কৰা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই আৰু কয় যে মেডিকেল কলেজ নিৰ্মাণ, নিবনুৱা যুৱক-যুৱতীলৈ আত্মনিৰ্ভৰ অসমৰ অধীনত বিশেষ সাহাৰ্য প্ৰদান, মাইক্ৰ'ফাইনেন্স লোণ ৰেহাই, অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় ২৭ লাখ পৰিয়াললৈ মাহিলী সাহাৰ্য এই সকলো কাম একমাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আন্তৰিক সদিচ্ছাৰ বাবেহে সম্ভৱ হৈছে ।
ৰাজ্য চৰকাৰে সকলো প্ৰত্যাহ্বান নেওচি অসমক উন্নয়নৰ নতুন দিগন্তৰ দিশে লৈ যাব বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে । আজিৰ আটাইকেইটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ।
Also Read: শিৱসাগৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিৱস উদযাপন