চৰাইবাহীৰ বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ৰাজেন কুমাৰ নাথৰ দেহাৱসান

চৰাইবাহীৰ বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ৰাজেন কুমাৰ নাথৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
চৰাইবাহীৰ বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ৰাজেন কুমাৰ নাথৰ দেহাৱসান

ডিজিটেল সংবাদ, বেবেজীয়াঃ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ , সমাজকৰ্মী তথা চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাজেন কুমাৰ নাথ (৯০)ৰ দেওবাৰে পুৱা নিজা গৃহত মৃত্যু হয়। চৰাইবাহীৰ মায়েঙ্গীয়া গাঁৱৰ নিৱাসী বিশিষ্ট শিক্ষাবিদ-সৰবৰহী ৰাজেন কুমাৰ নাথ কিছু দিনৰ আগৰেপৰা বাৰ্ঢক্যজনিত অসুস্থতাত ভুগি চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে মৃত্যুক সাবটি লয়।

Advertisment

চৰাইবাহীৰ আঞ্চলৰ বৌদ্ধিক মহলৰ শ্ৰদ্ধাৰ শিক্ষক ৰাজেন কুমাৰ নাথৰ মৃত্যুৰ বাতৰি পুৱা প্ৰচাৰ হোৱাত অঞ্চলত শোকৰ ছাঁ বিয়পি পৰে। চৰাইবাহীৰ সাহিত্য সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰৰ উপদেষ্টা স্বৰূপ ৰাজেন কুমাৰ নাথৰ মৃত্যুত পিছতেই বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ প্ৰতিনিধি, প্ৰাক্তন ছাত্র আৰু গুণমুগদ্ধ লোকসকলে নাথৰ মৃতদেহত শেষ শ্ৰদ্ধা নিবেদন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে ।

তেখেতৰ মৃত্যুত চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় , চৰাইবাহী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় , বেজবৰুৱা আদৰ্শ মাধ্যমিক বিদ্যালয় , ভোমোৰাগুৰি মাধ্যমিক বিদ্যালয় , শংকৰদেৱৰ বিদ্যা নিকেতন , চৰাইবাহী জাতীয় বিদ্যালয় , চৰাইবাহী মহাবিদ্যালয় আদি অনুষ্ঠানৰ লগতে চৰাইবাহী আঞ্চলিক ছাত্র সন্হা , আঞ্চলিক সাহিত্য সভা , আঞ্চলিক ক্ৰীড়া সন্থাই গভীৰ শোক প্ৰকাশ কৰে । সৰবৰহী শিক্ষাবিদগৰাকীৰ মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ , দুগৰাকী জীয়ৰী সহ আত্মীয় স্বজন এৰি যায় ।

Also Read: জলপ্ৰপাতত গা ধুবলৈ গৈ বেবেজীয়াৰ হিমাংশুৰ কৰুণ মৃত্যু...

bebejiya nagaon news bebejiya