নগাঁও নিৰ্বাচনী জিলাত নিৰ্বাচনী শুভংকৰ উন্মোচন

নগাঁও নিৰ্বাচনী জিলাত নিৰ্বাচনী শুভংকৰ উন্মোচন

author-image
Asomiya Pratidin
New Update
নগাঁও নিৰ্বাচনী জিলাত নিৰ্বাচনী শুভংকৰ উন্মোচন

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও নিৰ্বাচনী জিলাত নিৰ্বাচনী শুভংকৰ (Mascot ) "চেৰু" আৰু "চেনেহী"ৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে নগাঁও জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে। আজিৰ এই শুভংকৰ উদ্বোধনী অনুষ্ঠানতেই নগাঁও নিৰ্বাচনী জিলাৰ চিচটেমেটিক ভোটাৰ্চ এডুকেচন এণ্ড ইলেকট্ৰ'ৰেল পাৰ্টিচিপেচন( SVEEP) কোষৰ উদ্যোগত এটি সংকল্প লোৱা হয়।

Advertisment

এই সংকল্পৰ জৰিয়তে সকলো ভোটাৰক মুক্ত, ন্যায় আৰু শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হোৱাৰ লগতে সকলো ভোটাৰক ধৰ্ম,জাতি,সম্প্ৰদায় আৰু ভাষাৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ নিৰ্ভয়ে আৰু আনৰ দ্বাৰা প্ৰৰোচিত নোহোৱাকৈ ভোটদান কৰাৰ অংগীকাৰ কৰা হয়। এই অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে ছুইপ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া অতিৰিক্ত আয়ুক্ত মুনমী কলিতা, অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং,সহকাৰী আয়ুক্ত যুতিকা কুমাৰী, ছুইপ কোষৰ প্ৰশান্ত কুমাৰ বেজবৰুৱাৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়ববীয়া উপস্থিত থাকে।

Also Read: 'সম্প্ৰীতি-উন্নয়ন-বাক স্বাধীনতা বৰ্তি থকা এখন চৰকাৰ আমাক লাগে'- ৰ’জলীনা তিৰ্কী

nagaon election