কঠীয়াতলীত ৰাজহুৱা নামাজত অংশ ল'লে হিন্দু ধৰ্মীয় লোকেঃ গামোচাৰে জনালে আদৰণি...

কঠীয়াতলীত ৰাজহুৱা নামাজত অংশ ল'লে হিন্দু ধৰ্মীয় লোকেঃ গামোচাৰে জনালে আদৰণি...
কঠীয়াতলীত ৰাজহুৱা নামাজত অংশ ল'লে হিন্দু ধৰ্মীয় লোকেঃ গামোচাৰে জনালে আদৰণি...

ডিজিটেল সংবাদ কঠিয়াতলীঃ ইছলাম হিন্দুৰ সমন্বয়ৰথলী হিচাপে পৰিগণিত নিজকঠীয়াতলী আঞ্চলিক ঈদগাহ মৈদাম। আজি পবিত্ৰ ঈদ উজ জোহা উপলক্ষে প্ৰায় ৫ সহস্ৰাধিক লোকৰ উপস্থিতিত পুৱা নামাজ আদায় কৰে কাৰী ইমাম ইয়াচিন আলীয়ে।

উল্লেখ্য যে, পূৰ্বৰ দৰেই এইবাৰো ইয়াত ঈদৰ নামাজৰ সময়ত ইছলামধৰ্মীয় লোকসকলৰ লগত নামাজত অংংশগ্ৰহণ কৰিলে হিন্দু ধৰ্মীয় লোকেও। দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ এক অন্যতম উদাহৰণ।

ঈদগাহ কমিটীৰ সভাপতি বাচেদ আলীয়ে অঞ্চলটোৰ সকলো সম্প্ৰদায়ৰ লোকৰ মাজত ভাতৃত্ববোধ, সমন্বয় আৰু ধৰ্মনিৰপেক্ষতা বজাই ৰখাৰ আহ্বান জনায়। কমিটীৰ ফালৰ পৰা উপস্থিত লোকসকলক ঈদৰ শুভেচ্ছা হিচাপে ফুলাম গামোচাৰে আদৰণি জনাই।

বীৰেন মিৰ্ধা, মদন বৰা,ঘনকান্ত বৰা,পবন সোনোৱাল, মুক্তিকাম লস্কৰৰ লগতে আৰু কেইবাগৰাকী লোক এই ৰাজহুৱা নামাজত উপস্থিত থাকি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে।

কঠীয়াতলীত ৰাজহুৱা নামাজত অংশ ল'লে হিন্দু ধৰ্মীয় লোকেঃ গামোচাৰে জনালে আদৰণি...
সলনি হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in