সলনি হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম...

সলনি হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম...
সলনি হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম...

ডিজিটেল ডেস্কঃ সলনি হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম। এতিয়াৰে পৰা এই পথটোৰ নাম হ'ব ড০ এ পি জে আব্দুল কালাম পথ। বুধবাৰে এই সন্দৰ্ভত প্ৰশাসনিক চিল মোহৰ লগোৱা হৈছে।

দিল্লীৰ ঔৰংগজেৱ পথৰ নাম সলনি কৰি ড০ এ পি জে আব্দুল কালাম পথ কৰা হৈছিল ২০১৫ চনতেই। বিজেপি ক্ষমতালৈ অহাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

তাৰ পিছতো আব্দুল কালাম পথ আৰু পৃথ্বীৰাজ পথৰ সংযোগকাৰী পথটো ঔৰংগজেৱ পথ হিচাপেই আছিল। সেই নামো এতিয়া সলনি কৰিলে চৰকাৰে। এন ডি এম চিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

অৱশ্যে চৰকাৰৰ এই সিদ্ধান্ত ক্ষোভিত হৈ পৰিছে ওৱেলফেয়াৰ পাৰ্টি অৱ ইণ্ডিয়াৰ সভাপতি এক কিউ আৰ ইলিয়াছ। ইলিয়াছে কয়, তেওঁলোকে মোগল সম্ৰাটৰ নাম মছি পেলাব বিচাৰিছে। আনহাতে এই কাৰ্যত একাংশ ইতিহাসবিদো অসন্তুষ্ট হোৱা দেখা গৈছে।

সলনি হ'ল দিল্লীৰ ঔৰংগজেৱ পথৰ নাম...
অসম আৰক্ষীৰ নাক কটা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ কাণ্ডৰ তদন্তৰ নিৰ্দেশ জি পি সিঙৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in