/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/abd9c150-8675-4dd5-b5e2-2624927ba450/500.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ সোনাইপৰীয়া অঞ্চল ৰাইডঙীয়াৰ আইভেটিত ১৯৭৪ চনত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়খনিয়ে ইতিমধ্যে সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। তদুপলক্ষে বিদ্যালয়খনিৰ সোনালী জয়ন্তী উৎসৱটি আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে।
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাই জানিবলৈ দিয়া মতে ইতিমধ্যে সমাজকৰ্মী নৱকমল ৰাজাক সভাপতিৰূপে লৈ গঠিত উদ্যাপন সমিতিয়ে সোনালী জয়ন্তীৰ অংশৰূপে অহা ১৩ জুলাইত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখনি সন্মিলনৰ আয়োজন কৰিছে ৷ ইতিমধ্যে বহুসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে উক্ত সন্মিলনৰ বাবে নাম পঞ্জীয়ন কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3ab20015-4899-4651-ab29-1359a0bcc93a/173d584c-c58f-4260-afc0-a3c48e535058.jpg)
আনহাতে সোনালী জয়ন্তীৰ প্ৰস্তুতি বিষয়ত আজি দুপৰীয়া বিদ্যালয় প্ৰাংগনত উদ্যাপন সমিতিৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা হৈছে বুলিও প্ৰধান শিক্ষয়িত্ৰী তথা উদ্যাপন সমিতিৰ মুখ্যসম্পাদিকা জ্যোতি ভূঞাই জনাইছে।
Also Read: চি আই ডি-আৰক্ষীৰ যুটীয়া অভিযান : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীৰে জড়িত ৮জনক গ্ৰেপ্তাৰ