/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/d462933e-c615-4818-85d2-6bcc1dba89a8/07.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ,সমাজসেৱক কুমুদ চন্দ্ৰ নেওগৰ বিয়োগ ঘটে ৷ ৮৫ বছৰ বয়সত শিক্ষাবিদ নেওগে শেষ নিশ্বাস ত্যাগ কৰাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
সোমবাৰে বিয়লি শিক্ষাবিদ নেওগ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশালৈ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে পুৰণিগুদামৰ শৈক্ষিক উত্তৰণৰ বাবে অৱদান আগবঢ়োৱা কুমুদ চন্দ্ৰ নেওগে মৃত্যুৰ সময়ত পুত্ৰ পংকজ জ্যোতি নেওগৰ লগতে পৰিয়ালৰ আন সদস্যসকলক এৰি থৈ গৈছে ৷
Also Read: গ্ৰন্থমেলাই এখন সাঁকোৰ দৰে কাম কৰে : সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us