/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0b73dc66-1617-4357-8353-cf5ab557aed8/AP_FOR_WEB_jb.jpg)
ডিজিটেল ডেস্ক : 'অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা আয়োজিত হোৱা অসম গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ মই এজন শ্ৰদ্ধেয় ব্যক্তিক স্মৰণ কৰিব বিচাৰিছোঁ। যিগৰাকী ব্যক্তিৰ পাৰদৰ্শিতা আৰু সহায়ৰ বাবে অসম তথা বিশেষকৈ গুৱাহাটীত গ্ৰন্থমেলা আয়োজিত কৰি গোটেই অসমৰ চুকে-কোণে গ্ৰন্থমেলাৰ প্ৰসাৰ হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/13d59361-7c0e-4d78-a543-618a62959564/da3a9841_9d8b_4f5d_b820_301c7afda7f1.jpg)
সেই ব্যক্তিগৰাকী হ'ল এজন স্বনামধন্য, উচ্চমানৰ সাহিত্যিক প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱক মই স্মৰণ কৰিব খুজিছোঁ।' অসম গ্ৰন্থমেলাত উপস্থিত থাকি এইদৰে মন্তব্য কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/fc51c74f-67e9-4d5d-91e8-d65d8b4d7ffc/08d5396a_850b_4237_9ad0_e47ac63ec649.jpg)
মঙলবাৰে গ্ৰন্থমেলাৰ অন্তিম দিনৰ কাৰ্য্যসূচীত সাংস্কৃতিক অনুষ্ঠান তথা উপহাৰ কুপন খেলৰ উদ্ধোধক হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা। অনুষ্ঠানৰ প্ৰাক্-মুহূৰ্তত জয়ন্ত বৰুৱাক অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা আদিৰে মঞ্চলৈ আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/fd9ad72c-bf2a-4b16-95f1-30b4b43cdee0/7b4efdad_7f31_4a9a_b9c1_8f855916f289.jpg)
ইয়াৰ পিছতে উদ্বোধক তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই উদ্বোধনী ভাষণ আগবঢ়ায়। তেওঁ কয় যে, সাহিত্য সম্বৃদ্ধিৰ বাবে লেখক-প্ৰকাশক, বিক্ৰেতা আৰু পঢ়ুৱৈৰ ওপৰত নিৰ্ভশীল। এইক্ষেত্ৰত গ্ৰন্থমেলাই সাঁকো দৰে কাম কৰে। এসময়ত এই গ্ৰন্থমেলা গুৱাহাটীতে হোৱাৰ দৰে হৈছিল। কিন্তু আজি এই গ্ৰন্থমেলাই অসমৰ চুকে-কোণে আজি প্ৰসাৰিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/964a5fca-d7f1-4dd8-998d-dccd36a1fa5c/f8776e63_e73f_41ec_b36e_d7c79f420a9a.jpg)
লগতে আবাহনৰ ১৪টা খণ্ড সম্পাদনা কৰা তথা পুৰণি সাহিত্যৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰা ড০ পৰমানন্দ মজুমদাৰক অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰোপৰি নৱপ্ৰজন্মই ডিডিটেল যুগত গ্ৰন্থৰ প্ৰতি প্ৰেম দেখুওৱাটো অসমীয়া সাহিত্যৰ বাবে ইতিবাচক দিশ বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f0de92d9-daa5-492e-a1a9-48dc78caf0d6/afc5dd14_8194_478c_82a0_c10786391fae.jpg)
উদ্বোধনী ভাষণৰ পিচতে অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকী উপস্থিত হয় সমন্বয় প্ৰকাশনত। বিপণীখনত উপস্থিত হৈ ড০ কিশোৰ মোহন ভট্টাচাৰ্যৰে জয়ন্ত বৰুৱাই মত-বিনিময় কৰাৰ লগতে অনাগত দিনত কিবা সহায়ৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে সমন্বয় প্ৰকাশনত জয়ন্ত বৰুৱা উপস্থিত হোৱাত ড০ ভট্টাচাৰ্য আবেগিক হৈ পৰা পৰিলক্ষিত হয়। ড০ ভট্টাচাৰ্যই অসমীয়া প্ৰতিদিনৰ সম্পাদক বৰুৱাক এখনি জনজাতীয় অংগ বস্ত্ৰৰে আদৰণি জনায়।
Also Read: কাছাৰত ৫০ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ : দুজনক আটক