/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0e7d6b2a-9f37-4a09-975a-72ab1f900352/223.jpg)
ডিজিটেল সংবাদ,নগাঁও : দেওবাৰে নগাঁও কলেজ (অট’নমাচ)ত অসম চৰকাৰৰ অধীনৰ জনজাতি পৰিক্ৰমা (ভৈয়ামৰ) বিভাগৰ দ্বাৰা অনুমোদিত নৱনিৰ্মিত ছাত্ৰী নিবাসৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উদ্বোধন কৰি পেগুৱে ‘জয় বিজ্ঞান জয় অনুসন্ধান’ ধ্বনিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত তেওঁ সকলোকে অনুসন্ধিৎসু হ’বলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a9b90d9a-07a8-4d3f-97c0-3b6e103b3223/405061748_902274078567420_3387466820599968444_n.jpg)
শিক্ষাৰ ক্ষেত্ৰত নগাঁও জিলাৰ স্থান সম্পৰ্কেও উল্লেখ কৰে। সমগ্ৰ অসমৰ ভিতৰতে নগাঁও জিলাক কিদৰে শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে, নগাঁও জিলাৰ শৈক্ষিক উন্নয়নৰ কাৰণ কি অথবা শৈক্ষিক উন্নয়নত ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ৰ স্থান কেনেধৰণৰ সেই সম্পৰ্কে এক জৰীপ কৰিবলৈ নগাঁও কলেজক আহ্বান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/342755e1-7ab4-4122-9719-b4348f90e92e/405236537_902274048567423_4741431135100593084_n.jpg)
কলেজৰ উপাধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰা দেৱে আঁত ধৰা এই কাৰ্যসূচীত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ড০ বৰকটকীয়ে কলেজৰ বাবে ছাত্ৰী নিবাসৰ গুৰুত্ব কিমান সেই সম্পৰ্কে উল্লেখ কৰে। অসমৰ বিভিন্ন ঠাইৰ জনজাতীয় ছাত্ৰীয়ে এই আবাসৰ দ্বাৰা সুবিধা লাভ কৰিব বুলিও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a9caba87-5e4d-4450-84dd-d5d01b1c1244/405181419_902274118567416_2696936373174409985_n.jpg)
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁৱৰ স্থানীয় বিধায়ক তথা নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ ৰূপক শৰ্মাই ছাত্ৰী নিৱাসটো উদ্বোধন কৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে আৰু নগাঁও কলেজক শুভেচ্ছা জ্ঞাপন কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ কুমাৰ দত্ত, অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীকে প্ৰমুখ্য কৰি কলেজৰ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, দুই শতাধিক ছাত্ৰ-ছাত্ৰী, আৰু কলেজৰ শুভাকাঙ্ক্ষীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9910648d-b722-4c6c-be2f-19eaaa8ec614/405035509_902274155234079_5701893252990089329_n.jpg)
তদুপৰি নগাঁও কলেজৰ এন.চি.চি আৰু এন.এছ.এছ ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকাৰ লগতে তেওঁলোকে সকলোকে উষ্ম আদৰণি জনায়। এই উদ্বোধনী অনুষ্ঠানটো ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ দ্বাৰা অন্ত পৰে।
Also Read: কাৰ্বি আংলংত আপৰ প্ৰতিষ্ঠা দিৱস পালন