/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/355a79ab-799a-4ff9-b75b-452087fd36fe/222.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ কাৰ্বি আংলং জিলাতো আম আদমি পাৰ্টীৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সেই উপলক্ষ্যে জিলাখনৰ সদৰ চহৰৰ পৰা পৰা নাতিদূৰৈত অৱস্থিত ডিফু-লামডিং পথৰ জিলা সমিতিৰ নিজ কাৰ্য্যালয়ত পুৱাৰে পৰা অনুষ্টুপীয়াকৈ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।
কাৰ্য্যসূচী অনুসৰি দলৰ পতাকা উত্তোলন কৰে আপৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিন্টু পাটৰে। ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে কেক্ কাটি আনুষ্ঠানিক সভা অনুষ্ঠিত কৰা হয়।
আপৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিন্টু পাটৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত তিনিওখন পাহাৰীয়া জিলা যথাক্ৰমে কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ তত্বাৱধায়কসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/be36c3b3-0ba2-4644-aeef-292404c4a600/41733f96_7789_4dad_a56c_2a713db716ae.jpg)
আনহাতে উক্ত সভাত কাৰ্বি আংলং জিলা সমিতিৰ মুখ্য উপদেষ্টা ভোগেশ্বৰ শ্যামে মুখ্য অতিথি হিচাপে অংশ লয়। মুখ্য অতিথিগৰাকীয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন গঠনমূলক মন্তব্য কৰে।
ইফালে সভাত মহিলা মৰ্চাৰ সভানেত্ৰী নেইনা দেৱীকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।