বঢ়মপুৰ হাতীয়নীভেটাৰ পৰা মুকবধিৰ যুৱক সন্ধানহীন

বঢ়মপুৰ হাতীয়নীভেটাৰ পৰা মুকবধিৰ যুৱক সন্ধানহীন

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ হাতীয়নীভেটাৰ পৰা মুকবধিৰ যুৱক সন্ধানহীন

ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰ হাতীয়নীভেটাৰ পৰা এসপ্তাহ ধৰি এজন মুকবধিৰ যুৱক সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি ৰাখিছে । সন্ধানহীন হৈ থকা যুৱকজন কন্দলী মাজগাঁও নিবাসী লক্ষ্মণ নায়কৰ জ্যেষ্ঠ পুত্ৰ সুগন নায়ক ( ১৮) ।

Advertisment

সুগনে কাণেৰে নুশুনে আৰু ক'বও নোৱাৰে। জানিব পৰা মতে,সুগনে বিগত ৪ মাহ ধৰি বনকৰা যুৱক তথা পৰিয়ালৰ এজন সদস্য হিচাপে বঢ়মপুৰ হাতীয়নীভেটাৰ ৰুমী দেৱীৰ ঘৰত আছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে,যোৱা ৩ নৱেম্বৰত নিশা প্ৰায় ৮.৩০ বজাত মুকবধিৰ সুগন নায়ক ৰুমী দেৱীৰ ঘৰৰ পৰা সন্ধানহীন হয় ।

পিছদিনা ৰুমী দেৱীৰ পৰিয়ালৰ ফালৰ পৰা নগাঁও ইটাচালি টাউন আৰক্ষী চকীত উপযুক্ত ফটোৰ সৈতে যুৱকজনৰ সন্ধানত এখন এজাহাৰো দাখিল কৰা হয়। সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰুমী দেৱীৰ পৰিয়ালৰ ফালৰ পৰা এই প্ৰতিবেদকক প্ৰেৰণ কৰা এক লিখিত অভিযোগপত্ৰত উল্লেখ থকা অনুসৰি - যোৱা ৪ নৱেম্বৰ তাৰিখে ৰুমী দেৱীৰ পৰিয়াললৈ মাজপোতনিৰ সম্বন্ধীয় লোকএজনে ফোনযোগে জনোৱা খবৰ অনুসৰি, ৩ নৱেম্বৰৰ নিশা সুগনক মাজপোতনি অঞ্চলৰ গাঁওৰক্ষী বাহিনীয়ে পাই ওচৰৰে ননৈ আৰক্ষী চকীত চমজাই দিছিল ।

পাছত ৪ নৱেম্বৰত ৰুমী দেৱীৰ পৰিয়ালে ননৈ আৰক্ষী চকীলৈ গৈ খবৰ কৰাত সুগনক ননৈ আৰক্ষী চকীত ৰাখিবলৈ ঠাইৰ অভাৱ হোৱাত নগাঁও সদৰ থানালৈ প্ৰেৰণ কৰে আৰু সেইদিনাই পৰিয়ালটোৱে সদৰ থানাত উপস্থিত হয়।

উপস্থিত হোৱাত খবৰ পাই যে- সুগনে মুখেৰে একো ক'ব নোৱাৰাত আৰক্ষীয়ে তেওঁক হয়বৰগাঁও ৰেল ষ্টেচনৰ ফালে চূড়ান্ত দায়িত্বহীনতাৰে এৰি পঠিয়াই দিয়ে । ইয়াৰ পাছৰে পৰা পৰিয়ালৰ লোকে সুগনৰ সন্ধান বিচাৰি হাবাথুৰি খাই দিশহাৰা হৈ পৰিছে ।

সম্প্ৰতি আৰক্ষী তথা প্ৰশাসনৰ চূড়ান্ত গাফিলতি আৰু দায়সৰা মনোভাৱৰ ফল ভুগিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালদুটিয়ে । বৰ্তমান প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ এনে সময়ত এসপ্তাহে মুকবধিৰ সুগন নায়কৰ সন্ধান উলিয়াব নোৱাৰা আৰক্ষীৰ এনে নিৰ্লিপ্ত ভূমিকাই পৰিয়ালৰ লগতে স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তুলিছে । মুকবধিৰ যুৱকজনৰ কোনোবাই সম্ভেদ পালে পৰিয়ালৰ লোকে ৭০০২১১৭৬০৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

Also Read: স্থায়ী নাগৰিকত্ব বিচাৰি উত্তাল অৰুণাচলৰ নামচাই জিলাৰ লেকাং সমষ্টি

barhampur nagaon police Assam police