কচুৱা অঞ্চলৰ প্ৰথমজন প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ মৃত্যুত শোক...

কচুৱা অঞ্চলৰ প্ৰথমজন প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ মৃত্যুত শোক...

author-image
Asomiya Pratidin
New Update
কচুৱা অঞ্চলৰ প্ৰথমজন প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ মৃত্যুত শোক...

কচুৱা অঞ্চলৰ প্ৰথমজন প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ কামপুৰঃ নগাওঁ জিলাৰ কচুৱাৰ প্ৰথম প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ (৫৩)মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। মংগলবাৰৰ ৰাতি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু বৰণ কৰে প্ৰশাসনিক বিষয়া জনে।

Advertisment

উল্লেখ্য যে, কচুৱা গেৰজাইপামৰ ক্ষিতিশ দেৱনাথৰ পুত্ৰ দুলাল দেৱনাথে ১৯৯৭ চনত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা ষ্টাৰ মাৰ্ক লৈ প্ৰথম বিভাগত আৰু কামপুৰ কেন্দ্ৰৰ ভিতৰতে প্ৰথম হৈ উত্তিৰ্ণ হয়। ১৯৮৯ ত কটন কলেজৰ পৰা সুখ্যাতিৰে উত্তিৰ্ণ হোৱাৰ পিছত প্ৰশাসনিক পৰীক্ষাত উত্তিৰ্ণ হৈ ১৯৯৯ চনত হাইলাকান্দিৰ আলগাপুৰৰ চক্ৰ বিষয়া হিচাবে নিযুক্তি লাভ কৰে।

প্ৰয়াত দেৱনাথে ডবকা, কামপুৰ, বোকাখাত, মাজুলি, গহপুৰত চক্ৰবিষয়া হিচাবে কাযনিৰ্বাহ কৰাৰ পিছত বৰপেটা আৰু মানকাছাৰত অতিৰিক্ত উপায়ুক্ত হিচাবে কাৰ্যনিবাহ কৰিছিল। ইয়াৰ পিছতে মানকাচৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু মৃত্যু সময়লৈকে সচিবালয়ত শক্তিবিভাগত যুটিয়া সচিব হিচাবে কাৰ্যনিবাহ কৰি আছিল।

আজি দেৱনাথৰ নিজবাসগৃহত মৃতদেহটো উপস্থিত হোৱাৰ লগে লগে শোকাকুল পৰিবেশে বিৰাজ কৰাৰ লগতে বহু গুণমুগ্ধই শেষ শ্ৰদ্ধঞ্জলি জনায়। এই সম্পৰ্কত গেৰজাইপাম শংকৰদেৱ বিদ্যানিকেতনত এখন শোক সভাৰো আয়োজন কৰে।

লগতে দুলাল দেৱনাথৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে কচুৱাৰ বিভিন্ন জন ব্যক্তিৰ লগতে বিভিন্ন দল, সংগঠনে।

Also Read: গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকাৰ হিৰ'ইন জব্দ...

কামপুৰ কচুৱা প্ৰশাসনিক বিষয়া