নগাঁৱত কোটি টকাৰ নিচাযুক্ত ঔষধ জব্দ : ৩জনক কৰায়ত্ব

নগাঁৱত কোটি টকাৰ নিচাযুক্ত ঔষধ জব্দ : ৩জনক কৰায়ত্ব

author-image
Asomiya Pratidin
New Update
নগাঁৱত কোটি টকাৰ নিচাযুক্ত ঔষধ জব্দ : ৩জনক কৰায়ত্ব

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত ২.৫০ কোটি টকাৰ নিচায়ুক্ত ঔষধ জব্দ ৷ নগাঁও চহৰৰ কাষৰীয়া এলেকা নবীন নগৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ সংখ্যক ড্ৰাগ ৷ হয়বৰগাঁও ধিঙ গেইটৰ নবীন নগৰত মজুত কৰা হৈছিল এই ২.৫০ কোটিৰ অবৈধ ড্ৰাগ।

Advertisment

নগাঁও আৰক্ষীৰ এটি দলে মঙলবাৰে নিশা নবীন নগৰত অভিযান চলায় জব্দ কৰেএইসমূহ সামগ্ৰী ৷ গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত বস্তাত ভৰাই থোৱা অৱস্থাত এই নিচাযুক্ত ঔষধ খিনি উদ্ধাৰ কৰাৰ লগতে ৩জনক কৰায়ত্ব কৰে।

কৰায়ত্ব কৰা লোক ৩জনৰ নাম হৈছে আমিৰ হুছেইন (৪৩) , আফজাৰ হুছেইন (২০ ) , আনোৱাৰা বেগম (৪৩ ) ৷ আনহাতে উদ্ধাৰ হোৱা নিচাযুক্ত ড্ৰাগখিনিৰ ভিতৰত আছে ১,৫৩১ টা ক’ডেইন চিৰাপৰ বটল আৰু ৩৯,২৫২ টা নাইট্ৰ’জাপাম টেবলেট ৷

Also Read: নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰত  জাতীয় কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

nagaon police