/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5a9df5fa-b3fc-4022-85a7-46f2055e4541/cong.jpg)
ডিজিটেল সংবাদ,নামৰূপ : নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছৰ। মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব,প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক আৰু কেইবা শতাধিক দলীয় কৰ্মীয়ে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰত বিক্ষোভ প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8c71233f-c0b9-420f-b559-7262f2f243d2/09595643_6a05_4b33_b4fc_d94826926951.jpg)
জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আহ্বান কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিতি থাকি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, 'কংগ্ৰেছে স্থাপন কৰা নামৰূপ সাৰ কাৰখানাটো আজিৰ চৰকাৰে বন্ধ কৰাৰ ঘোষণা কৰিলে। এনে অৱস্থাত উদ্যোগটো ৰক্ষা কৰিবলৈ সন্মুখত বহি আন্দোলন কৰিব লগীয়া হোৱাটো অত্যন্ত দুখৰ কথা।'
সভাপতিগৰাকীয়ে কয় যে, কংগ্ৰেছে একো নকৰিলে বুলি সততে কৈ ফুৰা বিজেপিয়ে আজি পৰ্যন্ত কেইটা উদ্যোগ স্থাপন কৰিলে বুলি শাসিত চৰকাৰখনক প্ৰশ্ন কৰে। নিজৰ সন্তানটো ভেন্টিলেশ্বন থকা সময়ত পিতৃ মাতৃয়ে যি কষ্ট অনুভৱ কৰে, যি দৰে ছটফটাই আজি নামৰূপ সাৰ কাৰখানাৰ বাবে কংগ্ৰেছে এনে কষ্ট অনুভৱ কৰা বুলি বক্তব্যত উল্লেখ কৰে।
লগতে সাৰ কাৰখানাক পুনৰুজীৱিতকৰণ কৰিবলৈ যিকোনো পয্যায়লৈ যাব লগীয়া হ'লে কংগ্ৰেছ যাবলৈ আপোচ নকৰে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি প্ৰাক্তন বিধায়ক ৰানা গোস্বামীয়ে বক্তব্যত কয় যে কংগ্ৰেছে সাৰ কাৰখানাটো কেৱল স্থাপন কৰাই নহয় নামৰূপ সাৰ কাৰখানাক হিন্দুস্থান ফাৰটিলাইজাৰৰ পৰা পৃথক কৰি স্বতন্ত্ৰ ৰূপ দি ব্ৰহ্মপুত্ৰ ভেলি ফাৰটিলাইজাৰ হিচাপে প্ৰতিষ্ঠা কৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/aff95d6c-c3f2-435c-8f63-7d0844efb26b/457b68be_3293_4ec0_af88_64167700030a.jpg)
ইয়াৰ উপৰি উদ্যোগটো ৰিপিয়াৰ মেন্টেনেঞ্চৰ বাবদ সৰ্ব মুঠ বাৰ শ কোটি টকা দি উদ্যোগটো জীয়াই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু বিজেপি চৰকাৰে উদ্যোগটো জীয়াই ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে বন্ধ কৰাৰ ঘোষণা কৰিলে।মোদী চৰকাৰ শাসনলৈ আহি ১০০ দিনৰ এজেণ্ডাত সাৰ কাৰখানাৰ উজ্জীৱিত কৰণৰ বাবে প্ৰস্তাৱ লৈছিল। কিন্তু কাৰ্যতঃ বিপৰীত ছবি হে দাঙি ধৰিলে ।
প্ৰাক্তন বিধায়ক গৰাকীয়ে মণিপুৰৰ ঘটনাক আজুৰি আনি মুখ্যমন্ত্ৰীক কটাক্ষ কৰে।এখন জিলাৰ দুজন কৈ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিছতো সংসদত কেনেকৈ সাৰ কাৰখানাৰ বন্ধ হোৱাৰ পয্যায় পালেগৈ আৰু এনে পৰিস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী দুজনে সদন কিয় ত্যাগ নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/47d7fa42-81a5-4cea-a855-7da460dd7cf1/234e59ca_e1b3_482a_8d30_6b96590d05b7.jpg)
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী প্ৰনতি ফুকন, তিতাবৰৰ বিধায়ক, প্ৰমুখ্যে দলৰ বিষয় ববীয়া উপস্থিত থাকে। এফালে প্ৰতিবাদী সভাত বি ভি এফ চি এল ৰ ওৱৰকাৰ্ছ ইউনিয়ন সভাপতি বৈকুঠ ঠাকুৰীয়া, শ্ৰমিক ইউনিয়ন সভাপতি বাণী গগৈ ইণ্ডিপেণ্ডেণ্ট ইউনিয়ন হৈ মৃণাল সন্দিকৈয়ে বক্তব্য প্ৰদান কৰে। নামৰূপ ব্যৱসায়ীসকল,বিভিন্ন জাতীয় সংগঠন এই কায্যসূচীত অংশগ্ৰহণ কৰে।
Also Read: কামপুৰত ড্ৰাগছসহ দুজনক আটক