কঠীয়াতলীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

কঠীয়াতলীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ডিজিটেল সংবাদ, কঠীয়াতলী: নগাঁও জিলাৰ কঠীয়াতলীত দেওবাৰে কঠীয়াতলী আৰক্ষী পহৰা চকীৰ উপ পৰিদৰ্শক বিকু বৰ্মণৰ নেতৃত্বত যোৱা এটি দলে কামপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন বিলাসী বাহনৰ পৰা ৩৪ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কঠীয়াতলী আৰক্ষীৰ দলে কঠীয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এ এচ ০২ এ কে ২৮৪৮ নম্বৰৰ বাহন খনৰ পৰা এই ড্ৰাগছ খিনি জব্দ কৰে। বাহন খনৰ চালক তথা ড্ৰাগছ সৰবৰাহকাৰী জন কচুৱা ৰাজআলিৰ খাইৰুল ইছলাম বুলি জানিব পৰা গৈছে। কঠীয়াতলী আৰক্ষীয়ে ধৃত লোক জনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

কঠীয়াতলীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
ভাৰত-পাক মেচৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান কিয় সম্প্ৰচাৰ নহ'ল টিভি, অ'টিটিত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in