মাটি খান্দি উলিয়ালে বুজন পৰিমাণৰ ড্ৰাগছ...

মাটি খান্দি উলিয়ালে বুজন পৰিমাণৰ ড্ৰাগছ...
মাটি খান্দি উলিয়ালে বুজন পৰিমাণৰ ড্ৰাগছ...

ডিজিটেল সংবাদ নগাঁও : নগাঁও চহৰৰ সমীপবৰ্তী অঞ্চল মধুপুৰ কদমতলত নিশা অভিযান চলাই নগাওঁ আৰক্ষীয়ে মাটি খান্দি উলিয়ালে বুজন পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য। নগাঁও সদৰ আৰক্ষীয়ে গাওঁৰক্ষী বাহিনীৰ সদস্যৰ সহযোগত এক গোপন খবৰৰ ভিত্তিত মধুপুৰ কদমতলৰ আব্দুল নামৰ লোকজনৰ ঘৰত গোপনে পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীখিনি।

অভিযানৰ সময়ত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আব্দুলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। ইপিনে নগাঁৱৰ হয়বৰগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পমখেদি সোমবাৰে নিশা নগাঁও চহৰৰ সমীপৰ কাৱৈমাৰীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।

অভিযানৰ সময়ত আৰক্ষীয়ে এটা চাবোনৰ বাকচত থকা হিৰ'ইন ভৰ্ত্তি ১৫টা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই সন্দৰ্ভত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন হ'ল মহেন্দ্ৰ দাস আৰু ইশ্ৰাফুল আলি। দুয়োৰে ঘৰ নগাঁও চহৰৰ সমীপৰ হুজগাওঁ অঞ্চলত। অধিক তথ্য আহৰণৰ বাবে দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ যে, এই দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি নগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত ড্ৰাগছৰ এক মুকলি বেহা চলাই আহিছিল ।

মাটি খান্দি উলিয়ালে বুজন পৰিমাণৰ ড্ৰাগছ...
তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত শিৱৰাত্ৰি পূজাৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in