/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/54658f78-50c2-429a-9867-76672dade6f7/x1.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়া : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত মঙলবাৰে নগাঁও জিলা পুথিভঁৰালত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে শংখনাদ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে নগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0ed45433-d669-4d09-a559-14d9cb93e4f2/313459f6_d1a4_4890_b5f2_9dfeccefd185.jpg)
তেওঁ সংগঠনটোৱে শৈক্ষিক,সামাজিক আদি বিভিন্ন ক্ষেত্ৰৰ বিকাশৰ বাবে কাম কৰি অহাৰ কথা উল্লেখ কৰে। লগতে কয় যে সাম্প্ৰতিক সময়ত ড্ৰাগছ এক সামাজিক ব্যাধিত পৰিণত হৈছে। ইয়াক সকলোৱে মিলি প্ৰতিহত কৰিব লাগিব। এই ক্ষেত্ৰত ছাত্র-ছাত্ৰীসকলে দায়িত্ব সহকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুজঁ দিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/29368d0f-7314-4f9c-b56f-4ad64017a603/32d074aa_1b17_4d6d_aea6_c4feacf5b6cb.jpg)
নতুন প্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। আজিৰ কাৰ্যসূচীৰ আদৰণি সমিতিৰ সম্পাদক ব্ৰজেন কাকতিয়ে আদৰণি ভাষণ প্ৰদান কৰা আনুষ্ঠানত অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী,সংগঠনটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপ কুমাৰ,নগাঁও জিলা প্ৰমূখ অমিত ম'ৰ আৰু জিলা সংযোজক মাধুৰ্য প্ৰতীম শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।
সভাৰ অন্তত সংগঠনটোৱে জিলা পুথিভঁৰালৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা ৰেলী উলিয়াই। সজাগতা ৰেলীত সংগঠনটোৰ বিষয় ববীয়াৰ লগতে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি-সম্পাদক তথা বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি থকা বিষয়ববীয়া সকলক একোখনকৈ মানপত্ৰৰে সম্বদ্ধৰ্না জনোৱা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4228a405-fca8-4add-ac86-fe43338032aa/1b1bdf83_2c17_4889_a078_0150cd838833.jpg)
Also Read: দূৰ হোৱাৰ দিশে বহুদিনীয়া অভাৱঃ ঢকুৱাখনা-ঘূণাসুঁতি হৈ যাব পাৰিব লখিমপুৰ সদৰলৈ