নগাঁৱত ড্ৰাগছৰ নিচাত যুৱকে জ্বলাই দিলে নিজ বাসগৃহ

নগাঁৱত ড্ৰাগছৰ নিচাত যুৱকে জ্বলাই দিলে নিজ বাসগৃহ
নগাঁৱত ড্ৰাগছৰ নিচাত যুৱকে জ্বলাই দিলে নিজ বাসগৃহ

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱত এগৰাকী ড্ৰাগছ আসক্ত যুবকৰ তাণ্ডৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই গৰাকী ড্ৰাগছ আসক্ত যুৱকে নিজৰ পৰিয়ালৰ লোকে ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবে নিজৰেই বাসগৃহ জ্বলাই দিয়ে। নগাঁও চহৰৰ সমীপৰ মৰঙিয়াল পথাৰত সংঘটিত হৈছে এই ঘটনা। আজি পুৱতিনিশা সংঘটিত হয় এই ঘটনা।

মৰঙিয়াল অঞ্চলৰ ড্ৰাগছ আসক্ত যুৱক জমিৰ আলিয়ে সংঘটিত কৰে এই অগ্নিকাণ্ড। ড্ৰাগছ আসক্ত যুৱক জনে সংঘটিত কৰা এই অগ্নিকাণ্ডৰ ফলত ঘৰটো সম্পূৰ্ণ ভস্মীভূত হয়। পিছত স্থানীয় ৰাইজে যুৱকজনক কৰায়ত্ব কৰি নগাঁৱৰ আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ জুইৰ মাজৰ পৰা বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

স্থানীয় সূত্ৰই জনোৱা মতে জমিৰ আলী নামৰ এই যুৱকজনে দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায় কৰি আহিছে। যুৱকজনৰ এই কাৰ্যৰ ফলত অঞ্চলটোৰ পৰিবেশ বিঘ্নিত হৈছে বুলি স্থাপন সচেতন মহলে অভিযোগ কৰিছে।

উল্লেখ যে নগাঁও জিলাৰ বিভিন্ন স্থানত ড্ৰাগছৰ প্ৰচলন হৈ আছে। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু জিলাখনত ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ ৰোধ কৰাত আৰক্ষী সফল হ'ব পৰা নাই। জিলাখনৰ সচেতন মহলে জিলাখনত ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

নগাঁৱত ড্ৰাগছৰ নিচাত যুৱকে জ্বলাই দিলে নিজ বাসগৃহ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেওবাৰৰ পৰা শিলচৰত 'শ্ৰীমদ্গভাগৱত সপ্তাহ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in