ৰাঙলু আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড্ৰাগছ সেৱন নিৰ্মূল অভিযান আৰু কাবাডী প্ৰতিযোগিতা

ৰাঙলু আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড্ৰাগছ সেৱন নিৰ্মূল অভিযান আৰু কাবাডী প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
ৰাঙলু আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড্ৰাগছ সেৱন নিৰ্মূল অভিযান আৰু কাবাডী প্ৰতিযোগিতা

ডিজিটেল সংবাদ,কামপুৰ : ৰাঙলু আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত তথা আঞ্চলিক গাঁওৰক্ষী বাহিনী আৰু গড়েহাগী যুৱক সংঘৰ সহযোগত ড্ৰাগছ সেৱন নিৰ্মূলকৰণ অভিযান সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। দেওবাৰে অনুষ্ঠিত হোৱা সভাখনত ৰাঙলু আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি আবু বক্কৰে সভাপতিত্ব কৰে।

Advertisment

সভাখনত মুখয অতিথি হিচাপে উপস্থিত থাকে ননৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ বসন্ত বৰা। উল্লেখ্য যে, সভাৰ পূৰ্বে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে ছাত্ৰ -ছাত্ৰী আৰু স্থানীয়লোকৰ মাজত এক সজাগতা সমদল বাহিৰ কৰা হয়।

সমদলটোৰ যাত্ৰা শুভাৰম্ভ কৰে শিক্ষক নাজিবুৰ ৰহমানে। আজিৰ এই সজাগতা সভাখনত অঞ্চলটোৰ বহুকেইজন বক্তাই বক্তব্য প্ৰদান কৰে।

ইফালে প্ৰাক্তন ৰষ্ট্ৰীয় খেলুৱৈ স্বৰ্গীয় খবিৰ উদ্দিন আহমেদৰ সোঁৱৰণত এখন কাবাডী খেলৰ আয়োজন কৰা হয়। দিবা-নৈশ প্ৰাইজমানী কাবাডী প্ৰতিযোগিতাখনৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ কৰে সাংবাদিক ঘন কান্ত বৰাই।

Also Read: দৰঙৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত পৰমানন্দ ৰাজবংশী-দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া

kampur Ranglu Sports Association