দৰঙৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত পৰমানন্দ ৰাজবংশী-দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া

দৰঙৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত পৰমানন্দ ৰাজবংশী-দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া

author-image
Asomiya Pratidin
New Update
দৰঙৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত পৰমানন্দ ৰাজবংশী-দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ,মঙলদৈ : দৰঙৰ ১০০কোটি টকাৰ কেলেংকাৰীৰ বাতৰি প্ৰকাশৰ পিছতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু সাংসদ দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগত প্ৰায় ১০০কোটি টকীয়া এই কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল।

Advertisment

দৰঙত সংঘটিত এই ঘটনা সম্পৰ্কে বাতৰি প্ৰকাশ পোৱাত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগে ৷ বিষয়টিৰ গুৰুত্ব বুজি ইতিমধ্যে জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে ঘোষণা কৰিছে তদন্ত। এই সমগ্ৰ কাণ্ড সম্পৰ্কে অতিৰিক্ত আয়ুক্তক তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে।

ঘটনা সম্পৰ্কে শাসকীয় দলৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু সাংসদ দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। দুয়োগৰাকী নেতাই সাংবাদিকৰ আগত এই কেলেংকাৰীৰ এক উচিত তদন্ত বিচাৰি দোষী ব্যক্তিৰ ওপৰত কঠোৰ হোৱাৰ ইংগিত দিয়ে।

উল্লেখযোগ্য যে আয়ুক্ত কাৰ্যালয়ৰ আশীৰ্বাদপুষ্ট নিবিদা লাভ কৰা প্ৰতিষ্ঠান এটাৰ জৰিয়তে দুটা বেংক একাউন্টত ইতিমধ্যে প্ৰায় এশ কোটি টকা সৰকাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ নিষ্ক্ৰীয় জি এছ টিৰে বৃহৎ কৰ ফাঁকি দি প্ৰতিষ্ঠানটোৱে দুটা বেংক একাউণ্টৰ জৰিয়তে নিবাৰণ বৰা নামৰ ঠিকাদাৰজনে ইতিমধ্যে বৃহৎ ধন উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ৷

দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নিবিদা লাভ কৰা MD Enterprise নামৰ প্ৰতিষ্ঠানটোৱে নিষ্ক্ৰিয় জি এছ টি নং ব্যৱহাৰ কৰি দুটা বেংক একাউন্টৰ জৰিয়তে কোটি কোটি টকা উলিয়াই নিয়াৰ তথ্য তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছিল ৷ আনহাতে বিতৰ্কিত ঠিকাদাৰ নিবাৰণ বৰাই ২০২০-২০২২ বৰ্ষত দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগৰ জৰিয়তে বানপিড়িত তথা বানাক্ৰান্ত পশুধনৰ খাদ্য যোগানৰ নামত নিবিদা লাভ কৰি আহিছিল।

পশু খাদ্যৰ নামত কাঠৰ গুৰি যোগান ধৰাৰ বাতৰি সেই সময়ত প্ৰকাশিত হৈছিল। কিন্তু আয়ুক্ত কাৰ্যালয়টোৰ উক্ত বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদপুষ্ট নিবাৰণ বৰা নামৰ ঠিকাদাৰজনে দুৰ্নীতিৰে বাৰে বাৰে ঠিকা লাভ কৰিছিল। এতিয়া এই সমগ্ৰ কৰ্ম-কাণ্ড সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়াৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব বুলি সচেতন ৰাইজে উল্লেখ কৰে।

Also Read: এছিয়া কাপ : খিতাপ দখলৰ যুঁজত ভাৰত বনাম শ্ৰীলংকা

Dr Parmananda Rajbanshi mangaldai dilip saikia