নগাঁৱত ৪,১২৩ পৰিয়াললৈ খোৱা পানী যোগান ধৰিলে মন্ত্ৰী অশোক সিংঘালে

নগাঁৱত ৪,১২৩ পৰিয়াললৈ খোৱা পানী যোগান ধৰিলে মন্ত্ৰী অশোক সিংঘালে

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৪,১২৩ পৰিয়াললৈ খোৱা পানী যোগান ধৰিলে মন্ত্ৰী অশোক সিংঘালে

ডিজিটেল সংবাদ, নগাঁও: অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে দেওবাৰে অটল পুনৰুজ্জীৱিতকৰণ আৰু নগৰাঞ্চলৰ ৰূপান্তৰকৰণ অভিযান (অমৰুট) আৰু অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নগাঁও পৌৰসভাৰ অন্তৰ্গত নগাঁৱৰ পূব আমোলাপট্টীৰ শিৱনগৰত অৱস্থিত জ’ন ৩বি’ৰ প্ৰকল্পস্থলীত নগাঁও পানী যোগান প্ৰকল্পটো আংশিক কাৰ্যকৰণ (প্ৰথম পৰ্যায়) ভাৱে শুভাৰম্ভ কৰে।

Advertisment

উদ্বোধনী কাৰ্যসূচীৰ পিছত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি সন্মানীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু ইয়াৰ জিলাসমূহক উন্নত কৰি তোলাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ কথা পুনৰোল্লেখ কৰে। তেওঁ কয় যে, নগাঁৱৰ ৰাইজে এতিয়া বিশুদ্ধ আৰু নিৰ্মল পানী লাভ কৰিব।

ভাষণত তেওঁ নগাঁও আৰু গুৱাহাটীৰ মাজত এখন স্মাৰ্ট চিটি সৃষ্টি, নগাঁও পৌৰসভাক নিগমৰ মৰ্যাদালৈ উন্নীতকৰণকে ধৰি নগাঁও আৰু ইয়াৰ জনসাধাৰণৰ বাবে চৰকাৰে প্ৰস্তুত কৰা বহুতো ভৱিষ্যত প্ৰকল্প আৰু পৰিকল্পনাৰ কথাও উল্লেখ কৰে। আগন্তুক ফেব্ৰুৱাৰী মাহৰ ভিতৰত সমগ্ৰ পানী যোগান প্ৰকল্পটো সাজু কৰি নগাঁৱৰ ৰাইজৰ সেৱাত অৰ্পণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই বৈঠকত অসমত অমৰুট অভিযানৰ ওপৰত এখন তথ্যচিত্ৰও প্ৰদৰ্শিত হয়।

উল্লেখযোগ্য যে ২৩৮.৩৩ কোটি টকা ব্যয় সাপেক্ষ নগাঁও পানী যোগান প্ৰকল্পটোক ১৮,৪৪২ টা পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যৰে ৬টা মণ্ডলত বিভক্ত কৰা হৈছে। এই ৬টা মণ্ডলৰ ভিতৰত দেওবাৰে প্ৰথম পৰ্যায়ৰ অন্তৰ্গত ৩টা জ’ন ক্ৰমে হয়বৰগাঁও, ফৌজদাৰী পট্টি (পুৰণি) আৰু আমোলাপট্টি (নতুন) (১A, ২A আৰু ৩B) উদ্বোধন কৰা হৈছে যাৰ লক্ষ্য হৈছে ৮,৭৪৫ টা পৰিয়ালক সামৰি লোৱা যাৰ ভিতৰত ৪,১২৩টা পৰিয়ালে দেওবাৰৰ পৰাই পানী লাভ কৰিব।

নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, ডহুৱা-ৰ সচিব পবিত্ৰ ৰাম খাউণ্ড, অমৰুট অসমৰ মিছন সঞ্চালক সব্যসাচী কাশ্যপ, নগাঁৱৰ জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুবজ্যোতি শৰ্মা, বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাৰ লগতে ডহুৱা, অমৰুট অসম, নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভাৰ্ শীৰ্ষ বিষয়াসকলৰ লগতে বহু সংখ্যক নাগৰিকো অনুষ্ঠানত উপস্থিত থাকে।

Also Read: স্বপ্নভংগ হ'ল ১৪০ কোটি ভাৰতীয়ৰ : ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

nagaon