/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/72a937ad-1a64-44bc-81ad-76affc578ce9/yyyyy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং অঞ্চলৰ নৃত্যশিল্পী জ্যোতি প্ৰসাদ বৰুৱাৰ উদ্যোগত ধিং বজাৰত সোমবাৰে "ড্ৰীম ডান্স এণ্ড কালচাৰ" শীৰ্ষক এখনি নৃত্য, সংগীত আৰু বিভিন্ন বাদ্যযন্ত্ৰ শিকনৰ বিদ্যালয় মুকলি কৰা হয়। পুৱা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত আৰোগ্য যোগ কেন্দ্ৰৰ সম্পাদক ৰূপজ্যোতি ক'ৰয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিদ্যালয়খনিৰ।
"ড্ৰীম ডান্স এণ্ড কালচাৰ" বিদ্যালয় মুকলিৰ অনুষ্ঠানটিত উপস্থিত থাকি ধিং পৌৰসভাৰ পৌৰপতি প্ৰিয়ংকা নায়কে "জ্যোতি প্ৰসাদ বৰুৱাৰ সপোনৰ এই বিদ্যালয় খনৰ পৰা বৃহত্তৰ ধিং, বটদ্ৰৱা, ভোমোৰাগুৰি, ডুমডুমীয়া, মৈৰাবৰী অঞ্চলৰ নতুন প্ৰজন্ম উপকৃত হ'ব। অঞ্চলটোত সাংস্কৃতিক বাতাবৰণ সৃষ্টি হব।"- বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ddde6b53-1b3b-4e76-a410-7a7cbc173d27/0f0afcdf_eee0_46c7_83ac_5f72887c5024.jpg)
নাট্যকৰ্মী অনুপ ওজাই আঁত ধৰা অনুষ্ঠানটিত জোনমণি বৰা, বিৰজা দেৱী, ফণীধৰ বৰুৱা, সোণতৰা বৰুৱা, মুজাহিদুল ইছলাম, ৰিপক বৰা, মনস্বিতা নেওগকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে, আৰম্ভণিতে প্ৰতি শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে সৃষ্টিশীল নৃত্য, লোক নৃত্য আৰু যোগাসনৰ শিক্ষা আৰম্ভ হ'ব। এই বিদ্যালয়ত প্ৰশিক্ষণ ল'বলৈ ইচ্ছুক হোৱা সকলক ৭৯৮৯৫০২৩১৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জ্যোতি প্ৰসাদ বৰুৱাই।
Also Read: হিমন্ত-আজমলক কঠোৰ সমালোচনাঃ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ