/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/68890a50-abfd-4744-8914-386018096855/bihu_kaziranga.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন ৷ চৌদিশে চলিছে ব'হাগক আদৰাৰ ব্যপক প্ৰস্তুতি ৷
কাজিৰঙা জাতীয় অৰ্কিড উদ্যানতো হেঁপাহৰ ব'হাগক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। উল্লেখ্য যে অৰ্কিড উদ্যানত প্ৰতিদিনে বিহু প্ৰদৰ্শন কৰা হয় ৷ যিহেতু বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে ; সেয়েহে উদ্যানৰ বিহু দলটিয়ে এতিয়া শেষ আখৰাত ব্যস্ত হৈ পৰিছে।
ব'হাগৰ প্ৰথমকেইটা দিনত অৰ্কিড উদ্যানত সৰ্বাধিক পৰ্যটকৰ আগমন হয়। সেয়েহে অৰ্কিড উদ্যানলৈ অহা দেশী বিদেশী পৰ্যটকৰ সন্মুখত বিহু প্ৰদৰ্শনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিহু দলটিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/74e79829-1de7-417b-9289-223e881139af/acc8a5dc_180e_4280_9a5e_4db687952f80.jpg)
Also Read: পাঠশালা আৰক্ষী চকীক থানালৈ উন্নীতকৰণ