ব্ৰহ্মপুত্ৰত ভক্তৰ প্ৰাতঃস্নান, মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত বৃটিছ বন্দৰ নগৰী...

শতায়ু গৰকা শিলঘাট অশোকাষ্টমী মেলা আৰম্ভঃ মেলাৰ ৰাহি ধনেৰেই হৈছে জনকল্যাণৰ কাম
ব্ৰহ্মপুত্ৰত ভক্তৰ প্ৰাতঃস্নান, মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত বৃটিছ বন্দৰ নগৰী...

ডিজিটেল সংবাদ, কলিয়াবৰঃ বুধবাৰে আশোকাষ্টমীৰ উপলক্ষে কলিয়াবৰত আশোকাষ্টমী মেলা। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, পৰ্যটনৰ সম্ভাৰ থকা ৰাজ্যখনৰ দ্বিতীয় কামাখ্যা পীঠ ৰূপে পৰিণত কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি কামাখ্যা পাহাৰৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰত বুধবাৰে হেজাৰ হেজাৰ ভক্তপ্ৰাণৰ সমাগমৰে পৰিণত হ’ল মহামিলনৰ তীৰ্থভূমিত ৷ ঐতিহাসিক ধৰ্মীয় পৰম্পৰাক সৰোগত কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বশেষে অগণন ভক্তই আশোকাষ্টমীৰ বুধবাৰৰ দিনটোত ব্ৰহ্মপুত্ৰৰ জলৰাশিত প্ৰাতঃস্নান কৰে ৷

পূণ্য অৰ্জন কৰাৰ লগতে বিভিন্ন ৰোগ-ব্যাধিৰ পৰা মুক্ত হোৱাৰ উপৰি কামাখ্যা দেৱীক দৰ্শন কৰিলে মনোবাঞ্ছা পূৰণ হোৱাৰ জনবিশ্বাসৰ বাবেই শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ভক্তৰ সমাবেশেৰে প্ৰতি বছৰে উদযাপন হৈ আহিছে অশোকাষ্টমী মেলা ৷ এইবাৰো অশোকাষ্টমী মেলাত অসমৰ বিভিন্ন স্থানৰ পৰা কেইবাহেজাৰো দৰ্শনাৰ্থীয়ে পুৱা স্নান কৰাৰ উদ্দেশ্য নিশাৰে পৰা অপেক্ষা কৰে৷

কিংবদন্তি অনুসৰি, মহামুনি পিতা জমদগ্নিৰ আদেশত পৰশুৰামে যেতিয়া মাতৃ হত্যা কৰিছিল, তেতিয়া তেওঁৰ হাতৰ পৰা কুঠাৰ নখহা হ’ল ৷ । পৰশুৰামে পিতৃৰ নিৰ্দেশ সৰোগত কৰি ব্ৰহ্মকুণ্ডত স্নান কৰাত কুঠাৰ খন হাতৰ পৰা খহি পৰে ৷ তেনে পবিত্ৰ জলৰাশিক মানৱৰ হিতাৰ্থে পৰশুৰামে বোৱাই আনি প্ৰাগজ্যোতিষপুৰত ব্ৰহ্মপুত্ৰক ৰ’বলৈ কৈ কামাখ্যা দেবীক দৰ্শন কৰিবলৈ যায় ৷

ব্ৰহ্মপুত্ৰই ক্ষত্ৰিয় ঋষি গৰাকীৰ আদেশ অমান্য কৰাত ভেঁও সকলো শূণ্যৰ ফল বিলুপ্তি ঘটাৰ অভিশাপ দিয়ে ৷ ঋষিৰ শাপত মুহ্যমান হৈ ব্ৰহ্মপুত্ৰই কাকূতি-মিনতি কৰাৰ অন্তত পৰশুৰাম সন্তুষ্ট হৈ ৰোহিনী নক্ষত্ৰযুক্ত বাসন্তী শুক্লাষ্টমীত ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাৰ স্নানৰ ফল পোৱা আৰু ব্ৰহ্মপদ লাভ কৰাৰ বৰ দিয়ে ৷ ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা ব্ৰহ্মপুত্ৰত স্নান কৰি পুণ্য অৰ্জনৰ এই জনবিশ্বাসক কেন্দ্ৰ কৰিয়েই আশোকাষ্টমীৰ দিনা শিলঘাট, ব্ৰহ্মপুত্ৰৰ পাৰত অলেখ ভক্তৰ সমাগম ঘটে।

উল্লেখ্য যে, ১৯৩৫ চনতেই বৃটিছে পতা শিলঘাট টাউনৰ কামাখ্যা পাহাৰস্থিত কামাখ্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ স্নান আৰম্ভ হৈছিল ৷ নগাঁও জিলাৰ শিলঘাটত অশোকাষ্টমী স্নানৰ সমান্তৰালকৈ কেতিয়াৰ পৰা অশোকাষ্টমী মেলা আৰম্ভ হৈছিল সেই কথা কোৱাটো টান যদিও আনুমানিক ১৯২১ চনৰ পৰাই অশোকাষ্টমী মেলা আৰম্ভ হৈছিল বুলি জনা যায় ৷ এই মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে একোখন পৰিচালনা সমিতি গঠন কৰা হৈছিল ৷ অৱশ্যে ১৯৩৯ চনত ''শিলঘাট অশোকাষ্টমী মেলা সমিতি'' নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয়।

মেলা সমিটিৰ সভাপতি ধৰ্ম বৰাই প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰতি বছৰে অশোকাষ্টমী তিথিত গড়ে প্ৰায় ৪০ হাজাৰৰো অধিক ভক্ত শিলঘাট কামাখ্যা পাহাৰৰ নামনিৰ ব্ৰহ্মপুত্ৰত স্নান কৰে। সময় অনুসৰি, স্নান যাত্ৰীৰ সমাগম বৃদ্ধিৰ লগে-লগে স্নান ঘাটত আৰম্ভ হয় চিৰা, গুৰ, কল আদিৰ ব্যৱসায়। এই স্নানৰ লগত বা পিচত প্ৰয়োজনীয় সামগ্ৰীৰ লাহে-লাহে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হ'বলৈ ধৰিলে। মেলামুখী পৰিৱেশৰ মাজত সময়ৰ গতিত এদিনীয়া অশোকাষ্টমী মেলা সপ্তাহ জোৰাকৈ উদযাপিত হ'বলৈ লয়। আৰু এনেদৰেই ১০২ বছৰত ভৰি দিলে কলিয়াবৰৰ শিলঘাটৰ আশোকাষ্টমী মেলাই ৷

কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিত বছৰ বছৰ ধৰি বিশাল আয়োজনেৰে অনুষ্ঠিত হৈ অহা অশোকাষ্টমী মেলাই পৰ্যটনক্ষেত্ৰত কলিয়াবৰলৈ বৰঙনি আগবঢ়াই আহিছে। অসম পৰ্যটন বিভাগত অন্তৰ্ভুক্ত হ’ল এই শিলঘাট অশোকাষ্টমী মেলা। কলিয়াবৰ মহকুমাৰ প্ৰাক্তন মহকুমাধিপতি তথা তদানীন্তন অসম পৰ্যটন উন্নয়ন নিগমৰ সঞ্চালিকা মধুমিতা ভাগৱতীৰ ঐকান্তিক প্ৰচেষ্টাত অসম পৰ্যটনৰ মানচিত্ৰত স্থান লাভ কৰিছে ১০২ বছৰীয়া ঐতিহ্যপূৰ্ণ শিলঘাট অশোকাষ্টমী মেলাই ।

উল্লেখযোগ্য যে, তাহানিৰে পৰা বিভিন্ন সামাজিক কামৰ লগত জড়িত শিলঘাট এই অশোকাষ্টমী মেলা সমিতি ৷ এই সমিতিয়ে শিলঘাটত কণ্যাকা মহাবিদ্যালয় নামেৰে এখন কনিষ্ঠ মহাবিদ্যালয় আৰু এখন বিদ্যালয় নিজ প্ৰচেষ্টাত বছৰ বছৰ ধৰি চলাই আছে। য'ত অধ্যয়ন কৰি আহিছে বৃহত্তৰ অঞ্চলটোৰ শ-শ দৰিদ্ৰ শিক্ষাৰ্থীয়ে ৷

লগতে শিলঘাটৰ ষ্ট্ৰীট লাইটৰো ব্যৱস্থাও কৰিছে এই সমিতিয়ে। তদুপৰি স্থানীয় দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকে পঢ়োৱাৰ লগতে কিতাপ বহীও বিনামূলীয়াকৈ যোগান ধৰে এই সমিতিয়ে। লক্ষ্যনীয় যে, বিগত বৰ্ষত নদীৰ গৰাখহনীয়াত জাহ গৈছিল মেলা অনুষ্ঠিত কৰা বৃহৎ ভূমি। যাৰ বাবে এই বৰ্ষত ৰাস্তাৰ দুয়োপাৰে প্ৰসাৰিত হৈছে এই মেলা।

যোৱা ৰাতি নাম-কীৰ্তনৰ পাছত বুধবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে সমূহীয়া স্নান আৰু পূৰ্বপুৰুষৰ অস্থি বিসৰ্জনৰ মাংগলিক অনুষ্ঠান৷ যি অনুষ্ঠানত পাঁচ শতাধিক লোকৰ অস্থি বিসৰ্জন হৈছে শিলঘাটৰ লুইতৰ বুকুত ৷ পাঁচদিনীয়াকৈ অনুষ্ঠিত এই মেলা অহা দুই এপ্ৰিলত সামৰণি পৰিব ৷

ব্ৰহ্মপুত্ৰত ভক্তৰ প্ৰাতঃস্নান, মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত বৃটিছ বন্দৰ নগৰী...
নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিনঃ ১০ মে'ত এইখন ৰাজ্যত হ'ব নিৰ্বাচন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in