আজি দেশত 'গ্ৰামীণ ভাৰত বন্ধ'

কৃষকৰ ‘দিল্লী চালো’ পদযাত্ৰাৰ আজি চতুৰ্থ দিন । কৃষক নেতাসকলে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতিবাদত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া দেশজোৰা ধৰ্মঘট হিচাবে ‘ গ্ৰামীণ ভাৰত বন্ধ’ ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
আজি দেশত 'গ্ৰামীণ ভাৰত বন্ধ'

ডিজিটেল ডেস্কঃ কৃষকৰ ‘দিল্লী চালো’ পদযাত্ৰাৰ আজি চতুৰ্থ দিন । কৃষক নেতাসকলে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতিবাদত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া দেশজোৰা ধৰ্মঘট হিচাবে ‘ গ্ৰামীণ ভাৰত বন্ধ’ ঘোষণা কৰিছে। প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে সমগ্ৰ ভাৰতৰ প্ৰধান পথসমূহত ‘চক্কা জাম’ অনুষ্ঠিত কৰে।

Advertisment

পঞ্জাৱ আৰু হাৰিয়ানাৰ আন্তঃৰাজ্যিক সীমান্তত এতিয়াও নিৰাপত্তা অব্যাহত আছে যদিও প্ৰতিবাদকাৰী কৃষকসকলে ‘দিল্লী চালো’ পদযাত্ৰাৰ বাবে ৰাজধানীলৈ যোৱাৰ সিদ্ধান্তত অটল আছে। পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ দুটা স্থানত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত স্থবিৰতাৰ মাজতে বৃহস্পতিবাৰে নিশা প্ৰতিবাদকাৰী কৃষক নেতাৰ সৈতে আলোচনাত মিলিত হয় কেন্দ্ৰীয়মন্ত্ৰীসকল।

চণ্ডীগড়ৰ ২৬ নং ছেক্টৰৰ মহাত্মা গান্ধী ৰাজ্যিক জনপ্ৰশাসন প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা এই বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও যোগদান কৰে। কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী অর্জুন মুণ্ডা, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱাল আৰু গৃহ পৰিক্রমা ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে কেন্দ্রক প্রতিনিধিত্ব কৰি এই বৈঠকত কৃষক সংঘৰ বিভিন্ন দাবীক লৈ আলোচনাত মিলিত হয় ।

এইখন বৈঠক আছিল দুয়োপক্ষৰ মাজত তৃতীয়খন বৈঠক। পূৰ্বৰ ৮ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা দুখন বৈঠকত হোৱা আলোচনাত নিৰ্ণায়ক হৈয়ে ৰয়। বৈঠকত কৃষক নেতাসকলৰ ভিতৰৰ পৰা অংশগ্ৰহণ কৰে এছ কে এম (অ-ৰাজনৈতিক নেতা) জগজিৎ সিং দলেৱাল আৰু কিষাণ মজদুৰ মৰ্চা সমিতিৰ সাধাৰণ সম্পাদক সৰৱান সিং পাণ্ডেৰ।

উল্লেখ্য যে, বিভিন্ন দাবী উত্থাপন কৰি সংযুক্ত কিষাণ মৰ্চা(অ-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই ১৩ ফেব্ৰুৱাৰীত ''দিল্লী চলো''ৰ আহ্বান জনাইছিল। ইয়াৰ অধীনত ২০০ তকৈ অধিক কৃষকে তেওঁলোকৰ দাবীসমূহ লৈ দিল্লীলৈ পদযাত্ৰা কৰিছিল। তেওঁলোকৰ দাবীৰ ভিতৰত আছে শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰাৰ বাবে আইন প্ৰস্তুত কৰা। তেওঁলোকৰ দাবীসমূহ যাতে চৰকাৰে মানি লয় তাৰ বাবে তেওঁলোকৰ এই প্ৰতিবাদমূলক কাৰ্যসূচী হাতত লৈছিল।

কৃষকসকলক ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যোৱাৰ পূৰ্বে তেওঁলোকৰ দাবীসমূহ আলোচনা কৰিবলৈ ১২ ফেব্ৰুৱাৰীত কেন্দ্ৰই এখন বৈঠকৰ আহ্বান জনাইছিল যদিও কোনো সামাধানত উপনীত হোৱা নাছিল । ইয়াৰ পূৰ্বে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈ সমাপ্ত হৈছিল ।

Also Read: চতিয়াত চুৰি স্কুটিসহ এজনক আটক

Arjun Munda gramin bharat bandha bhagwant man FARMER PROTEST delhi chalo