"মানুহ শিল নহয়, অন্যায়-স্বেচ্ছাচাৰিতা-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মানুহ এদিন জাগিবই"-হীৰেন গোহাঁই

বিশিষ্ট বুদ্ধিজীৱি অভিভাৱক ড০ হীৰেন গোহাঁইৰ নগাঁও পৰ্যটন ভৱনত নগাঁৱৰ নাগৰিক সমাজৰ সৈতে সোমবাৰে এক অনানুষ্ঠানিক বাৰ্তালাপত মিলিত হয়
ড° হীৰেন গোহাঁইৰ বাৰ্তালাপ
ড° হীৰেন গোহাঁইৰ বাৰ্তালাপ

ডিজিটেল সংবাদ, বেবেজীয়াঃ বিশিষ্ট বুদ্ধিজীৱি অভিভাৱক ড০ হীৰেন গোহাঁইৰ নগাঁও পৰ্যটন ভৱনত নগাঁৱৰ নাগৰিক সমাজৰ সৈতে সোমবাৰে এক অনানুষ্ঠানিক বাৰ্তালাপত মিলিত হয় ৷ এক ব্যক্তিগত ভ্ৰমণসূচীৰে সপত্নীক নগাঁৱত উপস্থিত হোৱা বুদ্ধিজীৱি গৰাকীৰে হোৱা বাৰ্তালাপত বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

বাৰ্তালাপাত অংশ লৈ বুদ্ধিজীৱিগৰাকীয়ে আজি পৰ্যন্ত জাতীয় সংগঠন সমূহৰ সুবিধাজনক স্থিতি আৰু সেই স্থিতিৰ ফলশ্ৰুতিতেই যে সৰ্বভাৰতীয় পৰ্যায়ত কৃষক আন্দোলনৰ সফলতাৰ বিপৰীতে অসমত C(A)A আন্দোলনকে আদি কৰি অন্যান্য আন্দোলন সমূহ বিফল হ'বলগীয়া হয় তাক লৈ খেদ প্ৰকাশ কৰে ।

ড০ হীৰেন গোহাঁইয়ে লগতে C(A)A আন্দোলনৰ পটভূমিত নতুনকৈ ক্ষমতা লাভৰ কাৰণে দল গঠন কৰি ওলোটাই বিজেপিক পুনৰবাৰ ক্ষমতাধিষ্ঠ কৰাটোও যে সময় সাপেক্ষ ভুল সিদ্ধান্ত আছিল সেই কথাও দোহাৰে ।

আজিৰ তাৰিখত সমাজক নেতৃত্ব দিবলৈ বিচৰা যুৱচামে যে প্ৰকৃতাৰ্থত বিধায়ক, সাংসদ হোৱাৰ আশাৰে বা একো নহ'লেও অন্তত, পঞ্চায়তৰ সভাপতিৰ পদটোকেই ইপ্সিত লক্ষ্য বান্ধি ৰাজনৈতিক সামাজিক জীৱন আৰম্ভ কৰে, জনস্বাৰ্থ যে গৌণ সেই কথাক লৈ দুখ প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে ।

আলোচনাত উপস্থিত কেইবাজনো যুৱক আৰু ছাত্ৰ ছাত্ৰীয়ে ভৰি চুই সেৱাৰ কৰাৰ প্ৰসংগতো ড০ হীৰেন গোহাঁইয়ে খুহুতীয়া ভাষাৰেই কয় যে ভৰি চুই কৰা সেৱা গ্ৰহণ কৰিবলৈ তেখেত সত্ৰাধিকাৰ নহয় বৰঞ্চ তাতকৈ তেওঁ তেখেতৰ চিন্তাৰাজিক সমালোচনা কৰাৰ মানসিকতাৰ প্ৰয়োজনীয়তাকহে গুৰুত্ব আৰোপ কৰে ।

উল্লেখযোগ্য যে আজিৰ এই আলোচনা সভাতেই নগাঁৱৰ শিশু সাহিত্য সংগঠক দুলাল বৰা আৰু নগঞা প্ৰতিবাদী কন্ঠ বিৰিঞ্চি বৰাই ড০ হীৰেন গোহাঁইক "অসমীয়াৰ অভিভাৱক" অভিধাৰে বিভূষিত কৰি এখন গামোছা পিন্ধাই ।

"মানুহ শিল নহয় ৷ অন্যায়-স্বেচ্ছাচাৰিতা-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মানুহ এদিন জাগিবই ৷ ইতিহাস সাক্ষী আছে৷" এই বক্তব্যৰেই হীৰেন গোহাঁইয়ে অনানুষ্ঠানিক বাৰ্তালাপৰ মুখনি মাৰে ৷

এই বাৰ্তালাপত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্য সমালোচক-নিবন্ধকাৰ-অধ্যাপক প্ৰভাত বৰা, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ আহোম,বিশিষ্ট বাওঁপন্থী নেতা অধ্যাপক বীৰেন ডেকা,কথাশিল্পী শিৱানন্দ কাকতি,অধ্যাপক কমল শইকীয়া, জীৱন নৰহ,মিলন নেওগ,বিমান দলে, বিজিত বৰঠাকুৰ, কুইজ পৰিচালক চন্দ্ৰজিৎ দাস, শিশু-বন্ধু দুলাল বৰা, কবি কুমাৰ বিভূতি, যুৱ সমাজৰ প্ৰতিনিধি বিৰিঞ্চি বৰা, মনোজ সিংহ ৰাজা, প্ৰাগজ্যোতিষ বণিয়াৰ লগতে আন যথেষ্ট সংখ্যক অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে বাৰ্তালাপত অংশগ্ৰহণ কৰে।

ড° হীৰেন গোহাঁইৰ বাৰ্তালাপ
চিলাপথাৰত বিহু সন্মিলনৰ আয়োজন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in