চিলাপথাৰত বিহু সন্মিলনৰ আয়োজন...

বিগত বৰ্ষৰ দৰে এইবাৰো সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল একাদশ বাৰ্ষিক চিলাপথাৰ ৰঙালি বিহু সন্মিলন । খনামুখ আঞ্চলিক যুৱক সংঘৰ বাকৰিত আয়োজক সন্মিলনৰ দ্বাৰা আজি পুৱা স্মৃতি তৰ্পন, পতাকা উত্তোলন আদিৰে বিহুৰ আৰম্ভণি হয়
বিহু সন্মিলন
বিহু সন্মিলন

ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত বৰ্ষৰ দৰে এইবাৰো সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল একাদশ বাৰ্ষিক চিলাপথাৰ ৰঙালি বিহু সন্মিলন । খনামুখ আঞ্চলিক যুৱক সংঘৰ বাকৰিত আয়োজক সন্মিলনৰ দ্বাৰা আজি পুৱা স্মৃতি তৰ্পন, পতাকা উত্তোলন আদিৰে বিহুৰ আৰম্ভণি হয় ।

মূল তোৰণ উদঘাটনৰ পিছতে আৰম্ভ হয় পৰম্পৰাগত খেল প্ৰতিযোগীতাৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা । বিশেষকৈ চকুত কাপোৰ বান্ধি হাঁহ ধৰা খেলাই বাৰুকৈয়ে আমোদ দিয়ে উপস্থিত ৰাইজক । তদুপৰি মিউজিক চেয়াৰ, টেকেলি ভঙা,ঘিলা, প্ৰতীকি কুকুৰা যুঁজ আদি খেলে ওৰেটো দিন প্ৰাণৱন্ত কৰি ৰাখে ৰাইজক ।

অন্তিম দিনটোত বিহু সন্মিলনীৰ উপলক্ষত চাৰিশ পৃষ্ঠাযোৰা বিশাল স্মৃতিগ্ৰন্থ 'বৰ্হমথুৰি' উদ্বোধন কৰাৰ পিছতে তিনিজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনাব সংগঠনটোৱে । কাৰ্যসূচীত কেইবাজনো আছুৰ শীৰ্ষ নেতাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে ।

বিহু সন্মিলন
বিহু সন্মিলন
বিহু সন্মিলন
হাওৰাঘাটৰ প্ৰাক্তন বিধায়কৰ বিজেপি ত্যাগ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in