'কল্লোল'ৰ উদ্যোগত মানৱ দৰদী চিকিৎসক ডা: আব্দুল মতিনক ৰাজহুৱা সম্বৰ্ধনা

'কল্লোল'ৰ উদ্যোগত মানৱ দৰদী চিকিৎসক ডা: আব্দুল মতিনক ৰাজহুৱা সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
'কল্লোল'ৰ উদ্যোগত মানৱ দৰদী চিকিৎসক ডা: আব্দুল মতিনক ৰাজহুৱা সম্বৰ্ধনা

ডিজিটেল সংবাদ, নগাঁও : নগাঁও তথা অসমৰ এগৰাকী বিশিষ্ট মানৱ দৰদী চিকিৎসক, সমাজ সেৱক ডা:আব্দুল মতিনক শুকুৰবাৰে সাংস্কৃতিক গোষ্ঠী 'কল্লোল'ৰ উদ্যোগত কল্লোল ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। 'কল্লোল'ৰ সভাপতি লোহিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰে 'কল্লোল'ৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই।

Advertisment

বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, ডা: আব্দুল মতিন প্ৰকৃততে এগৰাকী মানৱ হিতৈষী চিকিৎসক। সমাজৰ সকলোৱে তেওঁক ভাল পায়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত থাকি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক গৰাকীৰ জনপ্ৰিয়তা মনকৰিবলগীয়া। এনে এজন সু -চিকিৎসকক সম্বৰ্ধনা জনাবলৈ পাই কল্লোল পৰিয়াল ধন্য হৈছে।

সভাত কল্লোলৰ ঊপদেষ্টা মুৰুলী শৰ্মা, সাহিত্যিক পৰাণ কুমাৰ বৰুৱা, আদি বহু কেইজন লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কল্লোল সাংস্কৃতিক গোষ্ঠী, নগাঁও জিলা সাহিত্য সভা, নগাঁও শাখাৰ ইলোৰা বিজ্ঞান মঞ্চ, সংগম সাংস্কৃতিক গোষ্ঠী, পান্থতৰু সংৰক্ষণী অসম, নগাঁও নাট্য সমিতি, চন্দ্ৰজ্যোতি সংঘ, নগাঁও জিলা কবি সন্মিলন, ৰঙাজিঞা শাখা কবি সন্মিলন, নগাঁও বঙালী সন্মিলন, ষ্টাৰ স্পৰ্টিং ক্লাব, ৰেডিয়েণ্ট,অসম ভলীবল সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ হাজৰিকা আদিয়ে চিকিৎসক গৰাকীক সম্বৰ্ধনা জনায়।

বিশিষ্ট কবি ডা : প্ৰয়াগে নিজৰ অনুভৱ ব্যক্ত কৰি লিখা এখন পত্ৰৰ জৰিয়তে চিকিৎসক গৰাকীৰ বৰ্ণময় কৰ্মজীৱন সন্দৰ্ভত আলোকপাত কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি ৯০ঊৰ্ধৰ চিকিৎসক গৰাকীয়ে নিজৰ চিকিৎসা সেৱাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। চিকিৎসক গৰাকীক কল্লোলৰ তৰফৰ পৰা গামোচা, চেলেং, শৰাই , সম্বৰ্ধনা পত্ৰ, স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হয়।

Also Read: সোণাৰিত আয়োজিত চুকাফা দিৱসত উপস্থিত জয়ন্ত বৰুৱা : যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিব চুকাফা সমন্বয় সাংস্কৃতিক বঁটা

nagaon