চিকিৎসক দিৱস উপলক্ষে নগাঁৱত ৩ চিকিৎসকক সম্বৰ্ধনা

চিকিৎসক দিৱস উপলক্ষে নগাঁৱত ৩ চিকিৎসকক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
চিকিৎসক দিৱস উপলক্ষে নগাঁৱত ৩ চিকিৎসকক সম্বৰ্ধনা

ডিজিটেল সংবাদ,নগাঁওঃ আজি সমগ্ৰ দেশতে পালন কৰা হৈছে চিকিৎসক দিৱস। সমান্তৰালকৈ নগাঁৱতো লায়ন্স ক্লাৱে প্ৰতি বছৰৰ দৰে চিকিৎসক দিৱস উপলক্ষে জিলাখনৰ ৩জন সৎ, নিষ্ঠাবান ও খ্যাতিসম্পন্ন চিকিৎসকক সম্বৰ্ধনা জনায়।

Advertisment

প্ৰথমে ফৌজদাৰীপট্টিত অৱস্থিত নগাঁও আৰক্ষী চিকিৎসালয়ত কৰ্মৰত ডা: দ্বীপেন কুমাৰ শৰ্মা (এম, ডি) ,লাওখোৱা ৰোডত অৱস্থিত শিখা হোমিওপেথিক চিকিৎসক ডাঃ শিতাংশু চক্ৰৱৰ্তী আৰু হয়বৰগাঁৱৰ ডা: ব্ৰীজ মোহন খাডেৰিয়াক তেওঁলোকৰ কৰ্মস্থানত গৈ এখনি ফুলাম গামোচা, এটি মমেন্ট'ৰে সম্বৰ্ধনা জনায়।

আজিৰ এই অনুষ্ঠানত নগাঁও লায়ন্স ক্লাবৰ নতুন সভাপতি লায়ন অজয় মিট্টল, সম্পাদক প্ৰলয় সাহা,কোষাধ্যক্ষ মদন সাহা, পি আৰ অ বিশ্বজিৎ মহন্ত,গুৰুচৰন সিংহ, বকুল বৰা,মহাবীৰ আগৰৱালা,ইনামূল মজিদ,সুশান্ত বৰঠাকুৰ,মনিকা সাহা,সহ বহু সদস্য উপস্থিত থাকে।

Also Read: বালিপৰাত বানৰ সংহাৰঃ জৰাসৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি

nagaon doctors day