/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/88f780ad-896c-415b-9673-bf9e1087ad11/11.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত জৰাসৰ নদীৰ বাঢ়নী পানীয় চলাইছে তাণ্ডৱ। বছৰৰ প্ৰথমটো বানত বুৰিল বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল।বালিপৰাৰ দিঘলী,দিঘলী বালিজান,কমাৰীগাঁও প্ৰাথমিক বিদ্যালয়,বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্য্যালয় এতিয়া জৰাসৰ নদীৰ বাঢ়নী পানীৰ কবলত। ক্ৰমাৎ বৃদ্ধি পাইছে জৰাসৰ নদীৰ জলপৃষ্ঠ।
বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ বাবে জৰাসৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হৈছে এই বাঢ়নী পানীৰ। বৰ্তমান একাংশ ৰাইজৰ পদুলি আৰু আৱাস গৃহ সমূহ বাঢ়নি পানীৰ তলত ৷ বালিপৰাত উপস্থিত হৈ বাঢ়নী পানী তথা বান পৰিস্থিতিৰ বুজ লয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
Also Read: ঢকুৱাখনা আৰক্ষীৰ নৱপ্ৰৱৰ্তিত আইন সন্দৰ্ভত সজাগতা সভা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us