বজালী বিজেপিত বিসম্বাদ: দলীয় কৰ্মীৰ মাজত নাই মিল...

বঙাইগাঁও, নলবাৰীৰ পিছত এইবাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ গৃহ সমষ্টি পাটাছাৰকুছিত গৃহকন্দল

author-image
Asomiya Pratidin
New Update
বজালী বিজেপিত বিসম্বাদ: দলীয় কৰ্মীৰ মাজত নাই মিল...

ডিজিটেল সংবাদ, বজালী : বঙাইগাঁও, নলবাৰীৰ পিছত এইবাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ গৃহ সমষ্টি পাটাছাৰকুছিত গৃহকন্দল। বজালী জিলা বিজেপিৰ সভাপতিৰ ওপৰত বিশ্বাস নাই নেকি বিজেপি কৰ্মীৰ ? দীৰ্ঘদিনৰ পৰাই চলি আহিছে জিলা সভাপতি নগেন চৌধুৰীৰ বিৰুদ্ধে বিসম্বাদৰ উকমুকনি।

Advertisment

বিজেপি নেতা-কৰ্মীৰ মাজত তাৰেই যেন বহি:প্ৰকাশ ঘটিল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত। বজালী জিলা বিজেপিৰ সভাত জিলা সভাপতিৰ বিৰুদ্ধে মুকলি বিষদগাৰ বিজেপি কৰ্মীৰ। বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰীক লৈ অসন্তুষ্ট বজালী জিলা বিজেপিৰ নেতা-কৰ্মী। বিজেপি দলীয় বহু কেইজন বিষয়ববীয়াৰ মাজত মুকলিকৈ চৰ্চিত জিলা সভা পদবীকলৈ বজালী জিলা বিজেপি দলত পৰস্পৰৰ মাজত দুভাগত বিভক্ত হৈ পৰিছে।

উল্লেখযোগ্য যে, বজালী জিলা সভাপতিগৰাকীৰ পুত্ৰৰ নামত ঠিকা নিজেই গ্রহণ কৰাৰ উপৰিও বিগত পৌৰসভা নিৰ্বাচনত নিজৰ সহধর্মীনিক টিকট দিয়াৰ পিছত চূড়ান্ত পৰাজয় বহন কৰিবলগীয়া হয়। ইয়াৰ পিছতো স্বজন তোষণ নীতিৰে নিষ্ঠাবান বিজেপি কর্মীক সুবিধা নিদিয়াৰ পৰিপ্ৰেক্ষিতত দলৰ মাজতেই তীব্ৰ বিষদ্গাৰ ৰূপ ধৰি জিলাখনৰ বিভিন্ন স্তৰৰ বিজেপি কর্মীয়ে হুংকাৰ দিয়াৰ দৃষ্টি গোচৰ হৈছে।

বিজেপি জিলা সভাপতি নগেন চৌধুৰীকলৈ দলীয় সভাত শনিবাৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। আনফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই সংবাদ মাধ্যমেহে বিসম্বাদ সৃষ্টি কৰা বুলি ব্যক্ত কৰে।

Also Read: চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ প্ৰস্তুতি...

bharatiya janata party