খালৈগাঁৱৰ তেল ডিপোত ভেজাল তেল বিতৰণৰ অভিযোগ

খালৈগাঁৱৰ তেল ডিপোত ভেজাল তেল বিতৰণৰ অভিযোগ

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ খালৈগাঁওস্থিত হিন্দুস্তান পেট্ৰ'লিয়ামৰ তেল ডিপোটোৰ বিৰুদ্ধে ভেজাল তেল বিতৰণৰ অভিযোগ উত্থাপিত হৈছে । চাৰি মাহমান পূৰ্বে মুকলি কৰা এই তেল ডিপোটোৰ পৰা যান-বাহনত ইন্ধন ভৰালেই স্বাভাৱিক পৰিমাণতকৈ বেছি আৰু দুৰ্গন্ধযুক্ত ধোঁৱা নিৰ্গত হয় চাইলেন্সাৰৰ পৰা । ইয়াৰোপৰি বাহনৰ ইঞ্জিন 'নক' হোৱাৰ লগতে মাজে মাজে ইঞ্জিন বন্ধ হৈ পৰে । যাক লৈ এতিয়া সংকটত পৰিছে তেল ডিপোটোৰ পৰা শেহতীয়াকৈ ইন্ধন সংগ্ৰহ কৰা যান-বাহনৰ গৰাকীসকল ।

অধিক লাভৰ আশাত ভেজাল তেল বিক্ৰী কৰাৰ বাবেই যান-বাহনৰ এনে ধৰণৰ বিসংগতি দেখা দিছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে । ইপিনে তেল ডিপোটোৰ এনে অনিয়মৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । ভুক্তভোগী গ্ৰাহকসকলে এই অনিয়মৰ তদন্তৰ দাবী উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক আহ্বান জনাইছে । উল্লেখ্য যে, এই তেল ডিপোটোৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত থকা চমুৱাগাঁওস্থিত নায়েৰা কোম্পানীৰ তেল ডিপোটোৰ বিৰুদ্ধেও গ্ৰাহকক নিৰ্ধাৰিত পৰিমাণতকৈ কম তেল যোগান ধৰি অহাৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে ।

খালৈগাঁৱৰ তেল ডিপোত ভেজাল তেল বিতৰণৰ অভিযোগ
বিহপুৰীয়াত তিনি ড্ৰাগছ আসক্তক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in