/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/4fe19ydv/34.jpg)
পিতৃ-মাতৃৰ সৈতে দিছা ৰিছা কাশ্যপ
ডিজিটেল সংবাদ, কামপুৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি সত্ৰীয়া নৃত্যৰ জৰিয়তে দেশ তথা বিশ্বদৰবাৰত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ দক্ষিণপাটৰ এগৰাকী যুৱতী। উল্লেখ্য যে ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰনালয়ৰ উদ্যোগত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত কৰা হৈছিল ভাৰত সংস্কৃতি যাত্ৰাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/44jk1z4d/8d734d1f-740f-4f06-9686-366e3364e7fe.jpg)
হিন্দুস্থান আৰ্ট আৰু মিউজিক চচাইটি কলকতাৰ সহযোগত থাইলেণ্ডৰ বেংককত আয়োজিত প্ৰতিযোগিতাৰ ভাৰতীয় সংস্কৃতিৰ নৃত্য প্ৰতিযোগিতাৰ শিতানত সত্ৰীয়া নৃত্যত অংশলৈ কৃতিত্বৰে দ্বিতীয় স্থান ল’বলৈ সক্ষম হৈছে দক্ষিণপাটৰ দিছা ৰিছা কাশ্যপে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/h1cfd2vc/08b143bb-ef98-427d-9815-baa4525a82f8.jpg)
৪৫গৰাকী প্ৰতিযোগীয়ে অংশ লোৱা প্ৰতিযোগিতাখনত সত্ৰীয়া নৃত্যত ১০গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল। তালম নৃত্য বিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যত গুৰু শ্ৰী বিজয় লক্ষী গোস্বামী তত্বাৱধানত বিষাৰদ পাবলৈ সক্ষম হৈছে দিছা ৰিছা কাশ্যপে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/mana5otm/bd7961ca-612b-4ec7-83c5-031de9647052.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নগাঁৱৰ আলফা বিটা জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰী দিছা। সত্ৰীয়া নৃত্যৰ দ্বিতীয় বৰ্ষলৈকে গুৰু বিশ্বজিৎ মজুমদাৰৰ তত্ত্বাৱধানত শিক্ষাগ্ৰহন কৰি পিছলৈ তালম নৃত্য বিদ্যালয়ৰ পৰা গুৰু বিজয়লক্ষী গোস্বামীৰ তত্বাৱধানত ২০২৩ চনত বিষাৰদ সম্পূৰ্ণ কৰে দিছাই। দিছা ৰিছা কাশ্যপ দক্ষিণপাটৰ শিক্ষক নিকুঞ্জ মোহন শৰ্মা আৰু ইৰানী গোস্বামীৰ কন্যা।
Also Read: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক ইনামূল হক আৰু নাই : ধুবুৰীত শোকৰ ছাঁ