/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/7mrsd5p1/4.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক তথা সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, কেন্দ্ৰীয় কমিটীৰ সভাপতি তথা ধুবুৰীৰ বিশিষ্ট অধিবক্তা ইনামূল হক আৰু নাই। বুধবাৰে পুৱা ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে হকে।
উল্লেখযোগ্য যে মঙলবাৰে বিশিষ্ট অধিবক্তাগৰাকীয়ে তেঁওৰ ধুবুৰীৰ নিজা বাসগৃহত পুৱা ফজৰৰ নামাজ পঢ়িবৰ সময়তে হঠাৎ তেঁওৰ নাক আৰু মুখেৰে ৰক্তপাত আৰম্ভ হৈছিল। তাৰ পাছতে তৎক্ষণাৎ তেঁওৰ পৰিয়ালে ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰাইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/wlg1n7dy/cbca3be4-ad47-423c-ad3f-31113fece4ec.jpg)
মঙলবাৰৰ পৰা মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি ইহজগতৰ পৰা চিৰ বিদায় মাগে ইনামূল হকে। ইপিনে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ ধুবুৰী জিলাতে এক শোঁকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হৈছে।
Also Read: ডকাইতৰ ৰূপত এইবাৰ অটো চালক : চোকা অস্ত্ৰ দেখুৱাই যাত্ৰীৰ পৰা লুটি নিলে...