/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0b9a65d2-489c-401a-a280-7e05f73338e2/Water.jpg)
ডিজিটেল সংবাদ : সময়ে সময়ে খোৱা পানীৰ বটল সমূহ খোৱাৰ অনুপযোগী হিচাপে পৰিগণিত হৈ আহিছে। বজাৰত হাজাৰ হাজাৰ বটল বিশুদ্ধ নকৰা পানী কোম্পানী সমূহে এৰি দিয়াৰ পৰিলক্ষিত হৈ আহিছে। যাৰ বাবে বহু সময়ত বহু কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হয়। তাৰ পিছতো যেন কোনো ভক্ষেপ নাই একাংশ পানী যোগান ধৰা কোম্পানী।
জধে-মধে কোনো উপযোগী নথি পত্ৰ নোহোৱাকৈ গঢ়ি উঠা বহু কোম্পানীয়ে বৰ্তমান পানীৰ নামত সাধাৰণ ৰাইজক খোৱাই আহিছে বৰবিহ। সেই একেই কাণ্ড কৰাৰ পৰিলক্ষিত হ'ল আটলান্টা মিনাৰেল ৱাটাৰ নামৰ কোম্পানীটোৰ। খোৱা পানীৰ শ শ বটলত ওলাইছে আইৰন ৷ পানীৰ বটলৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ বালিৰ কণিকা দেখি গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷
কচুৱা থানাৰ অন্তৰ্গত মাধৱপাৰা বজাৰৰ ছৈদুৰ ৰহমান নামৰ ব্যক্তিগৰাকীৰ হোটেলত কাৰ্টুনে কাৰ্টুনে ওলাইছে লেতেৰা পানীৰ বটল ৷ অৱশ্যে হোটেলৰ মালিকে কোম্পানীটোৰ ওপৰত অভিযোগ তোলাত পাইকাৰী বিক্ৰেতাই লেতেৰা বটলৰ কাৰ্টুন সমূহ ঘূৰাই লৈ যায় ৷
পিছে প্ৰশ্ন হৈছে স্বাস্থ্য বিভাগৰ তদন্তকাৰী বিষয়াৰ দ্বাৰা পৰীক্ষা নকৰাকৈ বজাৰ সমূহত এনে লেতেৰা পানীৰ বটল কিদৰে যোগান দিব পাৰিছে ? লক্ষ্যনীয় কথাটো হ'ল যে, লেতেৰা পানী বটলক লৈ অভিযোগ কৰাত কৰ্তৃপক্ষই দ্বায়িত্ব বুজাৰ সলনি, মানুহে পৰ্যবেক্ষণ নকৰাকৈ এই পানীকে খাব বুলি আচৰ্যজনক মন্তব্য প্ৰদান কৰে কোম্পানীটোয়ে। সেয়েহে এনে কোম্পানীৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰি কোম্পানীটোক চিল কৰি কঠোৰ শাস্তি বিহিবলৈ কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু কচুৱা প্ৰেছ ক্লাবে দাবী জনাই ৷
Also Read: হেঁপাহৰ ৰঙালীৰ প্ৰস্তুতিত ৰঙীন হৈ পৰিছে বটদ্ৰৱাৰ গাভৰু....
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us