/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cc9b0703-b22d-4cf7-bb29-76a4b921009e/Jetuka.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : পদূলিত হেঁপাহৰ ৰঙালী। বিহুৰ আখৰাত ৰাজ্যত উখল-মাখল পৰিবেশ। হেঁপাহৰ ৰঙালীৰ বাবে গাঁৱে-গাঁৱে এতিয়া জলপানৰ প্ৰস্তুতিত ঢেকীৰ চাবত কঁপিছে চুবুৰী। সমান্তৰালভাৱে ককা-দেউতাহঁতকো দেখা গৈছে তৰা জৰীৰে পঘা প্ৰস্তুত কৰাত। গাঁৱৰ যুৱতী সকলো এতিয়া ব্যস্ত হাতত জেতুকা বুলাই বিহুৰ আখৰাত মতলীয়া হোৱাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/649e3f0d-44dd-4776-8793-7eda972b42d3/Screenshot__45_.png)
বটদ্ৰৱাৰ ৰাইডঙীয়াত যুৱতী সকলক দেখা গ'ল একত্ৰিত হৈ জেতুকাৰ বোল লোৱাত। জেতুকা ৰং কৰা প্ৰসাধন সামগ্ৰী আৰু ঔষধ হিচাবে হাজাৰ বছৰৰ আগৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ। অসমীয়া জীয়ৰী-বোৱাৰীসকলে বিহুৰ পূৰ্বে হাতত জেতুকা লোৱাৰ পৰম্পৰা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/86316f76-1a77-4f2f-839e-478ded79c068/Screenshot__42_.png)
অসমৰ লোক-সংস্কৃতিৰ প্রতীক, ৰঙালী বিহুত অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি অহা পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱাৰ ৰাইদঙীয়া গাঁৱৰ যুৱতী সকল একত্ৰিত হৈ হাতত জেতুকাৰ বোল সানে। ৰাইডঙীয়া গাঁৱৰ গাভৰু সকল সমবেত হৈ গাঁৱৰ কেইবাৰ গৃহস্থৰ বৰীৰ পৰা জেতুকা পাত সমগ্ৰ কৰি, শিলৰ পটাত পিহি বিহু নাম গাই গাই হাতত জেতুকাৰ বোল লগাই। উল্লেখ্য যে, ৰাইদঙীয়া গাঁৱৰ গাভৰু সকল একত্ৰিত হৈ বিহুৰ পূৰ্বে হাতত জেতুকা লোৱা পৰম্পৰা বহু বছৰ পুৰণি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f298755d-f1e6-4940-a301-4db34448124c/Screenshot__43_.png)
Also Read: বটদ্ৰৱাৰ ন-মাটি গাঁৱৰ মহিলাই পৰিৱেশন কৰিলে "চিত্ৰাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা" শীৰ্ষক ভাওনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us